আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত সমাগত দুৰ্গাপূজা সম্পৰ্কীয় এখন সভাত অংশ লয়। তেওঁ প্ৰকৃতিত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে, তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি কয়, “প্ৰকৃতিয়েই হওক বা কোনো জীৱজগতেই হওক, কাৰো ক্ষতি নোহোৱাকৈ যদি আমি পূজা কৰিব পাৰো, সেয়াহে প্ৰকৃত পূজা।” জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা পূজা কমিটীৰ বিষয়ববীয়াসকলক দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন নীতি-নিয়মৰ বিষয়ে অৱগত কৰে। প্ৰতিমা বিসৰ্জন সম্পৰ্কেও তেওঁ বিষদ ব্যাখ্যা কৰে। আবেলি ৫ বজাৰ আগতে প্ৰতিমাসমূহ বিসৰ্জন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। মণ্ডপৰ পৰা ১০০ মিটাৰ দূৰতহে দোকান-পোহাৰসমূহ পাতিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে। আনহাতে কোনেও যাতে নিচাজাতীয় দ্ৰব্য সেৱন নকৰে, সেই সম্পৰ্কেও তেওঁ কয়।লগতে প্ৰতিমাসমূহত কৃত্ৰিম ৰং ব্যৱহাৰ কৰাৰ বিপৰীতে প্ৰাকৃতিক ৰং ব্যৱহাৰৰ ওপৰতো জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব দিয়ে। যিহেতু যোৱাবেলিৰ দৰে এইবেলিও “কাৰ্বন নিউট্ৰেল” পূজা পালনত গুৰুত্ব দিয়া হৈছে, গতিকে এইক্ষেত্ৰত পুৰস্কাৰ প্ৰদান কৰাৰ কথাও সদৰী কৰে জিলা আয়ুক্তগৰাকীয়ে। নিৰাপত্তাৰ দিশটো সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও পূজা কমিটীৰ বিষয়ববীয়াসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। বিশেষকৈ চিচি টিভি, লাইটিং, ভলেণ্টিয়াৰ, উচ্চ স্তৰৰ মিউজিক, এছ ডি আৰ এফ বাহিনী আদি সম্পৰ্কে তেওঁ বিষদ ব্যাখ্যা কৰে। দূৰ্গাপূজাৰ সময়ত পৰিৱেশ কেনেদৰে প্ৰদূষিত হয় আৰু আমাৰ প্ৰয়োজনীয় কি, এই সন্দৰ্ভত “গ্ৰীন গ্লোব” নামৰ বেচৰকাৰী সংস্থাটোৰ বিষয়ববীয়া ৰাজেশ দত্তই সুন্দৰ প্ৰেজেণ্টছন দাঙি ধৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা