প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমৰে নহয় অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। আনকি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত এন এফ ৰেলৱে এম্পলইজ ইউনিয়নেও মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত পুৰ্বতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল। আনহাতে ইউনিয়নৰ এটা বৃহৎ প্ৰতিনিধি দলে প্ৰাণৰ শিল্পী গৰাকীৰ সহধর্মিণী গৰিমা গাৰ্গক আজি দুপৰীয়া তেওঁলোকৰ কাহিলিপাৰাৰ আৱাসত সাক্ষাৎ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কালত শোক বার্তা পাঠ কৰি শুনায় আৰু দৃষ্টিনন্দন ৰূপত ফ্রেমত বন্ধাই অনা সেই বার্তা তেওঁক অর্পণ কৰে। প্ৰতিনিধি দলটোৱে গৰিমা শইকীয়া গাৰ্গক কয় ‘শিৰৰ সেন্দুৰখিনিৰ মাজেৰে জুবিনক আজীৱন জীয়াই ৰখাৰ বাবে আপুনি যি সংকল্প লৈছে , তাৰ আমি শলাগ লৈছোঁ; ঈশ্বৰ সহায় হওক। আমৃত্যু শিৰত সেন্দুৰ পিন্ধিবা; কাৰণ জুবিন অমৰ। এই দুর্বিষহ ঘটনাৰ সত্য কথা পোহৰলৈ আহিবই।’ আনহাতে গৰিমা গাৰ্গে তেওঁৰ দুখৰ দিনত এনে স্নেহাশিসেৰে অন্তৰত সাহস দিয়াৰ বাবে ইউনিয়নক প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰতিনিধি দলটোত ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকৰী সভাপতি মধু সুদন দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদকত্ৰয় দিগন্ত বৰুৱা , প্ৰকাশ বৰ্মন আৰু দেবাশীষ মুখাৰ্জী , উপ সভাপতি ত্ৰিদীপ মজুমদাৰ , সাংগঠনিক সম্পাদক ভাস্কৰ ভূষণ দাস আৰু ধ্ৰুৱ তালুকদাৰসহ ইউনিয়নৰ গুৱাহাটীত থকা ৭ টা শাখাৰ সভাপতি – সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা আৰু শতাধিক সদস্য – সদস্যা উপস্থিত থাকে। আনকি প্ৰতিনিধি দলটোৱে জুবিন গাৰ্গক প্ৰকৃত ন্যায় দিয়াৰ বাবে “জাষ্টিচ ফৰ জুবিন” শীৰ্ষক আন্দোলনত চামিল হোৱা বুলিও গৰিমা শইকীয়া গাৰ্গক সদৰি কৰে। উল্লেখ্য যে ইউনিয়নৰ ফালৰ পৰা ইতিমধ্যে অসম চৰকাৰক ছিংগাপুৰত সাগৰ তীৰত জুবিন গাৰ্গৰ কিদৰে মৃত্যু হৈছিল , তাৰ প্ৰকৃত সত্য পোহৰলৈ অনাৰ বাবে দাবী জনাই আহিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram