তোৰে মোৰে আলোকৰে যাত্ৰা/অব্যর্থ অব্যর্থ/আমি পালো জীৱনৰ অৰ্থ অভিনৱ/স্বাগত স্বাগত সতীৰ্থ… গীতৰ লহৰে লহৰে আজি ৰাজীৱ ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শিল্পী দিৱস উপলক্ষে পুৱা ১১ বজাত ৰাজীৱ ভৱনত শতাধিক লোকৰ উপস্থিতিত জনতাৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰা হয়। মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা শিল্পী দিৱসৰ অনুষ্ঠানত ৰূপকোঁৱৰৰ দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰতি থকা অৱদানৰ কথা আলোচনা কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিক নৱৰূপ প্ৰদান কৰা এইগৰাকী মহান অসমীয়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে কেবাজনো বক্তাই বিস্তৃতভাৱে বিশ্লেষণ কৰে। মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসে পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়ে। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাৰ লগতে, ৰৌছন ছেত্ৰী, হেপ্পী গগৈ, অনামিকা স্বৰ্গীয়াৰী, মৌচুমী নেওগকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ