আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল । আজি বিয়লিৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ উক্ত প্ৰতিনিধি দলটোক ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আদৰণি জনায়। অসমত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ অন্যান্য বিষয়ববীয়াসকল হৈছে নিৰ্বাচন আয়ুক্তদ্বয় ড° এছ. এছ. সান্ধু আৰু ড° বিবেক যোশী, জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্তদ্বয় মনীশ গাৰ্গ আৰু ড° পৱন কুমাৰ শৰ্মা, সঞ্চালক প্ৰধান আশীষ গোৱেল, উপদেষ্টা এন. এন. বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম ইত্যাদি। দেশৰ নিৰ্বাচন আয়োগৰ উচ্চ পদস্থ বিষয়াৰ দলটোৱে আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী তথা বৈঠকত অংশগ্ৰহণ কৰিব। ১৭ ফেব্ৰুৱাৰীত মহানগৰীৰ ৰেডিছন ব্লু হোটেলত আয়োজন কৰা কাৰ্যসূচীত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হ’ব। উক্ত আলোচনাত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। তদুপৰি আয়োগে বিষয়াসকলে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, ক্ষেত্ৰীয় আৰক্ষী উপ- মহাপৰিদৰ্শক, জিলা নিৰ্বাচন বিষয়া তথা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে ভোটগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ’বলগীয়া এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। তেনেদৰে, ১৮ ফেব্ৰুৱাৰীত আয়োগৰ বিষয়াসকলে উক্ত হোটেলতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে এনফ’ৰ্চমেন্ট এজেঞ্চীৰ নোডেল তথা প্ৰধান বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া, ষ্টেট পুলিচ নোডেল অফিচাৰ, চি এ পি এফ নোডেল বিষয়া তথা সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব। আনহাতে, ১৮ ফেব্ৰুৱাৰীৰ বিয়লিৰ ভাগত আয়োগৰ দলটোৱে এখন সংবাদ মেল সম্বোধন কৰিব আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan