সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ সক্রিয়তা অধিক তৎপৰ কৰি তোলা হৈছে। এই ক্ষেত্ৰত দলীয় কার্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডিব্রুগড়লৈ আহিব। এই সন্দৰ্ভত মুখপাত্র কল্যাণ গগৈয়ে আজি দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অহা ১৭ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হ’বহি। প্রায় দুহাজাৰ কাৰ্যকৰ্তা আৰু সাংস্কৃতিক কর্মীয়ে তেখেতক আদৰণি জনাব। ইয়াৰ পৰাই তেখেত খনিকৰ চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে ১৫ টা সাংস্কৃতিক দলে আদৰণি জনাব। এক মুকলি বাহনৰ জৰিয়তে এই স্থানৰ পৰাই তেখেত মানকটা খেলপথাৰত উপস্থিত হৈ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ দ্বাৰা আয়োজিত পৃষ্ঠা প্রমুখৰ সন্মিলনত অংশগ্রহণ কৰিব। প্রায় ২০,০৮৫ জন পৃষ্ঠা প্রমুখ এই সন্মিলনত উপস্থিত থাকিব। পৰৱৰ্তী পর্যায়ত তেখেতে ডিব্রুগড় জিলাৰ পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্রহণ কৰিব। সন্ধিয়া ৭ বজাত ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দলৰ প্ৰভাৰী, সহ-প্ৰভাৰী তথা কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ’ব। অহা ১৯ তাৰিখে পুৱা ৯.০০ বজাত বাৰেকুৰী নামঘৰত সেৱা আগবঢ়াব আৰু ১০ বজাত সৰ্বানন্দ সিংহৰ সমাধিত শ্রদ্ধাঞ্জলি জনাব। দিনৰ ১১ বজাত মনোহাৰী চাহ বাগিচাৰ অন্তৰ্গত এক বুথত দলীয় কার্যকর্তা সকলৰ সৈতে মত বিনিময় কৰি অসম ভ্রমণ কাৰ্যসূচী সমাপ্ত কৰিব। ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ এই ভ্ৰমণৰদ্বাৰা নিশ্চিতভাৱে দলৰ কাৰ্যকৰ্তাসকল উৎসাহ যোগাব।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল