গুৱাহাটী মহানগৰীৰ উত্তৰ জালুকবাৰীস্থিত ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুল প্ৰাঙ্গণত ১৬ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া জালুকবাৰী সমষ্টিৰ উন্নয়ন বিষয়ক এখন আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ ২০০১ চনৰ পৰা বিগত প্ৰায় ২৫ বছৰ ধৰি জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জালুকবাৰী সমষ্টিত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা উন্নয়নৰ ওপৰত আলোচনা চক্ৰখনত আলোকপাত আৰু মত বিনিময় কৰা হয়। আলোচনা চক্ৰত আলোচক হিচাপে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধ্যাপক হাচমত আলী, বিজেপি দলৰ আইনী কোষৰ দক্ষিণ কামৰূপৰ আহ্বায়ক জয়ন্ত গোস্বামী , জালুকবাৰী সমষ্টিৰ ২১৮ নম্বৰ বুথৰ সভানেত্ৰী আলাম আৰা বেগম, ক্ৰীড়াবিদ বিনোদ পাটগিৰী আৰু গৌতম বৰুৱা , অধিবক্তা খলিলুৰ ৰহমান, শিক্ষাবিদ পদুম শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ নেচিম আহমেদে আলোচক হিচাপে ভাগ লৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত প্ৰায় ২৫ টা বছৰত জালুকবাৰী সমষ্টিত স্বাস্থ্য , শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়নত যি ধৰণে অৰিহণা যোগালে সেয়া অসমতো বাদেই দেশৰ ইতিহাসত এক নজীৰবিহীন ঘটনা হিচাপে পৰিগণিত হোৱা বুলি ব্যক্ত কৰে আৰু ইয়াৰ বাবে সমষ্টিবাসীয়ে সদায় তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি কয় । অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা কেবাজনো বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ অন্তত জালুকবাৰী উদগনি মঞ্চৰ সভাপতি আলহাজ শ্বৰীফ উল্লাহ, সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, কাৰ্য্যকৰী সভাপতি অধিবক্তা খলিলুৰ ৰহমান, উপ সভাপতি অধিবক্তা খোৱাজুৰ ৰহমান, উপদেষ্টা মফতাজুদ্দিন আহমেদ আৰু সমূহ সদস্যই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে জালুকবাৰীৰ লগতে সমগ্ৰ অসমৰ উন্নয়নৰ অবিৰত যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনায় । অনুষ্ঠানত পুৰুষ – মহিলা নিৰ্বিশেষে ডেৰ শতাধিক লোক উপস্থিত আছিল।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan