গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ

0 54

প্ৰতিগৰাকী ভোটাৰেই যাতে ভোটদান কৰি গণতন্ত্ৰক শক্তিশালী কৰিব পাৰে তেনে দিশত ভাৰতৰ নিৰ্বাচন আয়োগে পদক্ষেপ গ্ৰহণ কৰিছে। অসমতো নিৰ্বাচনী আয়োগে সকলোৰে বাবে ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে লোৱা ব্যৱস্থাৰাজিয়ে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন অধিক অন্তৰ্ভুক্তিমূলক আৰু সুবিধাজনক কৰি তুলিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে গৃহৰ পৰা ভোটদান কৰিব পৰাকৈ যি বিশেষ সুবিধা আগবঢ়াইছে, সেই ক্ষেত্ৰত ৰাজ্যখনৰ জিলা প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে ৮৫ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰে নিজৰ ঘৰত থাকিয়েই ভোটাধিকাৰ প্ৰয়োগ কৰিব পাৰিব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে যিসকল ভোটাৰে শাৰীৰিক অসুবিধা বা বয়সজনিত কাৰণত ভোটকেন্দ্ৰলৈ যোৱাত অসুবিধা, তেওঁলোকৰ ভোটদানৰ সুযোগ নিশ্চিত কৰা। নিৰ্বাচন আয়োগে নিৰ্দিষ্ট আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে এই সুবিধা লাভৰ ব্যৱস্থা কৰিছে।
জিলা প্ৰশাসনৰ নিৰ্বাচনী দলসমূহে ভোটাৰৰ ঘৰলৈ গৈ ভোট সংগ্ৰহ কৰিব। এই ক্ষেত্ৰতো নিৰ্বাচনী আয়োগে স্বচ্ছতা বজাই ৰাখিব। এই পদক্ষেপে গণতন্ত্ৰৰ মূল সাৰাংশ সকলোৰে ভোট, সকলোৰে অধিকাৰক অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা হৈছে। অসমত গৃহ ভোটদানৰ বাবে ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা অনুমোদিত ৮৫ বছৰৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হৈছে ১৯,৭৭৪ গৰাকী। ৮৫ বছৰ ঊৰ্ধ্বৰ মুঠ ভোটাৰৰ পৰা গৃহ ভোটদান বাছি লোৱা ভোটাৰৰ শতাংশ হিচাপত ১৯.৩২। আনহাতে, গৃহ ভোটদানৰ বাবে ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা অনুমোদিত দিব্যাংগ ভোটাৰৰ সংখ্যা হৈছে ৬,৬৩৮। মুঠ দিব্যাংগ ভোটাৰৰ ভিতৰত গৃহ ভোটদান বাছি লোৱা ভোটাৰৰ শতাংশ হিচাপত ৩.২৩। এই ভোটাৰসকলক ঘৰৰ পৰা ভোটদানৰ সময়সূচীৰ বিষয়ে আগতীয়াকৈ জনোৱা হয় আৰু প’লিং বিষয়াৰ জৰিয়তে তেওঁলোকৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰা হয়। অসমত ইতিমধ্যে ঘৰৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৫ এপ্ৰিলৰ ভিতৰত এয়া সম্পূৰ্ণ হ’ব। নিৰ্বাচনী দলে যদি প্ৰথমবাৰত ভোটাৰজনক ঘৰত লগ নাপায়, তেন্তে দ্বিতীয়বাৰৰ বাবে ভোটাৰৰ ঘৰলৈ ভোট সংগ্ৰহ কৰিবলৈ যাব। আনহাতে, সকলো প্ৰাৰ্থীক ভোটদানকাৰী দলৰ ভ্ৰমণসূচীৰ বিষয়ে জনোৱা হৈছে আৰু ইচ্ছা কৰিলে ফৰ্ম ১০ৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াক অৱগত কৰি দলটোৰ সৈতে তেওঁলোকে নিজৰ প্ৰতিনিধি পঠিয়াব পাৰে।

Leave A Reply

Your email address will not be published.