অসমকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত আজি আবেলিৰ ভাগত পুনৰ এটা মধ্যম প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় অনুসৰি আবেলি ২ বাজি ১৮ মিনিট ৩১ ছেকেণ্ডত প্ৰায় ১৩ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.৮ কম্পনাংক।আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল হাইলাকান্দি জিলাৰ উত্তৰ পূব দিশৰ ৫ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ভূমিকম্পৰ ফলত এই পৰ্যন্ত কতো একো ক্ষয় ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৫ ফেব্ৰুৱাৰীত এটা মৃদু প্ৰাবল্যৰ ভুমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্য । অৱশ্যে তাৰ পূৰ্বে চলিত বৰ্ষত ৫ ,৮ আৰু ২৪ জানুৱাৰীত তিনিটাকৈ মধ্যম প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্য ।
Trending
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ