২০২৭ বৰ্ষত গুৱাহাটীৰ মাজমজিয়াত অনুষ্ঠিত হ’ব কাৰ্বি সকলৰ দেহাল কাৰ্চিদম উৎসৱ।কার্বি বাংঠে আছেম কেন্দ্রীয় সমিটি আৰু পশ্চিম গুৱাহাটী আঞ্চলিক বাংঠে আছেমৰ উদ্যোগত মিকিৰপাৰা চকৰ্দো দেহাল থানত পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে জাতীয় পৰম্পৰাৰে অনুষ্ঠিত হব ৩৫ তম্ কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱ।তদুপলক্ষে ১৯ এপ্ৰিলত দীপৰ বিলৰ কাষৰীয়া মিকিৰপাৰা চকৰ্দো দেহাল থানত এখনি পূর্ণাঙ্গ অভ্যর্থনা সমিতি গঠন কৰাৰ উদ্দেশ্য এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।কলিয়া ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনৰ আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৃপেন ইংতিয়ে। উক্ত সভাতে অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী,কাৰ্যকৰী সভাপতি হিচাপে ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি ভূপেন ইংতি আৰু সাধাৰণ সম্পাদক হিচাপে যুৱ সমাজকৰ্মী প্ৰমোদ ৰংপী, যুটীয়া সম্পাদক হিচাপে বলেশ্বৰ ৰংপী আৰু সৰ্বেশ্বৰ ইংতি, কোষাধ্যক্ষ হিচাপে নৰেন চন্দ্ৰ টেৰাংক লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। সভাত কাৰ্বি বাংঠে আছেমৰ উপ সভাপতি কাঞ্চন ৰংথুল,বিত্ত সম্পাদক নগেন বাংঠাই,কাৰ্বি আদৰবাৰৰ সভাপতি সম্পাদক ক্ৰমে দয়াৰাম কাথাৰ আৰু অজিত কাথাৰ,সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক ধীৰেন ইংতি,কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ৰংপীৰ লগতে আন আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে ২০২৭ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি দেহাল কাৰ্চিদম উৎসৱত সমূহৰ ৰাইজৰ উপস্থিতিত তথা সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan