কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত কেইবাখনো প্ৰাদেশিকীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰীক আজি তেওঁলোকৰ অৱসৰৰ দিনটোতেই পেঞ্চনৰ ধন লাভৰ যাৱতীয় আদেশ পত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়। ২০২৩ চনত আৰম্ভ কৰা এনে প্ৰশংসনীয় পদক্ষেপৰ ধাৰাবাহিকতা ৰক্ষা কৰি কামৰূপ মহানগৰ জিলা চক্ৰৰ পাণবজাৰস্থিত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী কেইগৰাকীক অৱসৰী সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এক বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক কেচিও কৰণ পেগুৱে আজি আনুষ্ঠানিকভাৱে এই আদেশপত্ৰসমূহ প্ৰদান কৰে। নিজৰ ভাষণত পেগুৱে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ হকে সুদীৰ্ঘকাল নিষ্ঠা আৰু সততাৰে আগবঢ়োৱা সেৱাৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী কেইগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অৱসৰী জীৱনৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা চক্ৰৰ সহকাৰী বিদ্যালয় পৰিদৰ্শক প্ৰবীন চন্দ্ৰ ৰাভা, জিলা প্ৰগ্ৰেম বিষয়া ৰংমিলন আহমেদ, জিলা একাডেমিক কাউন্সিল সম্পাদক জয়ন্ত কুমাৰ পাটগিৰি আৰু ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নয়ন জ্যোতি কলিতাৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী