মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে পথ অৱৰোধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি অহাৰ মাজতে মাচুল বৃদ্ধিৰ অভিযোগক ভিত্তিহীন আখ্যা দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । আজি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত পঞ্জীয়ক অধ্যাপক ডঃ উৎপল শৰ্মাই বিভিন্ন পক্ষই মাচুল বৃদ্ধি হোৱা বুলি কৰা সন্দৰ্ভত কয় যে অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল ‘প্রায় চাৰিগুণ বৃদ্ধি’ কৰা বুলি কৰা দাবী বাস্তৱ তথ্যৰ সৈতে সংগতি ৰাখি কৰা হোৱা নাই। চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে Standard Operating Procedure (SOP) প্ৰকাশ কৰাৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। উক্ত ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয় । বৰঞ্চ পূৰ্বৰে পৰা প্রচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তর্ভুক্ত কৰা হৈছে। ২০১৮ চনত নিৰ্ধাৰিত মাচুল গাঁথনি অনুসৰি, প্ৰতিখন নতুন মহাবিদ্যালয়ে প্রথম, দ্বিতীয় আৰু তৃতীয় বর্ষ আৰম্ভ কৰাৰ বাবে পৃথকে পৃথকে এককালীন অনুমতি মাচুল পৰিশোধ কৰিবলগীয়া হৈছিল। সেই একেই নীতি অনুসৰি বৰ্তমান চতুর্থ বর্ষকো ইয়াৰ অন্তৰ্ভূক্ত কৰা হৈছে। চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুর্থ বর্ষটো সকলো সংযুক্ত মহাবিদ্যালয়ৰ বাবে এক নতুন শিক্ষাগত পর্যায় হিচাপে সংযুক্ত হোৱাৰ ফলত, প্ৰচলিত নিয়ম-নীতি অনুসৰি এককালীন অনুমতি মাচুল অন্তর্ভুক্ত কৰাটো প্রয়োজনীয়। চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে মহাবিদ্যালয়সমূহে কোনো অতিৰিক্ত সংলগ্ন বা এফিলিয়েচন মাচুল পৰিশোধ কৰিব নালাগে বুলিও স্পষ্টকৈ জনোৱা হৈছে। সংলগ্ন মাচুল মূলত পাঠ্যক্ৰমভিত্তিক আৰু ই কোনো পাঠ্যক্ৰমৰ বৰ্ষ বা ষান্মাসিকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰশীল নহয়। সেয়েহে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত কোনো পাঠ্যক্রম তিনিবছৰৰ পৰা চাৰিবছৰলৈ সম্প্ৰসাৰিত হ’লেও তাৰ বাবে পৃথক বা অতিৰিক্ত সংলগ্ন মাচুল প্রযোজ্য কৰা হোৱা নাই । বিশ্ববিদ্যালয়ে সুদীর্ঘ সাত বছৰৰ অন্তৰালত সংলগ্ন আৰু অনুমতি মাচুল পুনৰ নিৰ্ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ চনত শেষবাৰৰ বাবে এই মাচুল সংশোধন কৰা হৈছিল। নিয়ম মতে প্ৰতি তিনি বছৰৰ মূৰে মূৰে মাচুল বৃদ্ধিৰ ব্যৱস্থা আছে। বিশ্ববিদ্যালয়ৰ বিধিসম্মত সংস্থা বিত্ত সমিতিৰ উপযুক্ত পৰামৰ্শৰ ভিত্তিত এই নতুন মাচুল গাঁথনি কাৰ্যকৰী কৰা হৈছে। বিগত সাত বছৰত সংলগ্নতা আৰু অনুমতি মাচুল মাত্ৰ প্ৰায় পোন্ধৰ শতাংশহে বৃদ্ধি হৈছে। যিটো ডিব্ৰুগড় বা অসমৰ আন বহু বিশ্ববিদ্যালয়ৰ তুলনাত বহু কম। গতিকে অসম কলেজ অধ্যক্ষ পৰিষদ আৰু অসম কলেজ শিক্ষক সন্থাই এই মাচুল বৃদ্ধি সন্দৰ্ভত কৰা অভিযোগ সত্য নহয়। আনহাতে পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম ( এফ ওৱাই আই এম পি) ৰ মাচুল গাঁথনি সন্দৰ্ভত পঞ্জীয়ক অধ্যাপক ডঃ উৎপল শৰ্মাই কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি বা এন ই পি – ২০২০ ৰূপায়ণৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৩ চনৰ মে’ মাহৰ পৰা পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল । গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন বিশেষ সভাত অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্ৰীৰ উপস্থিতিত উক্ত পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছিল । এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষার্থীসকলে স্নাতক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ একেধাৰে অধ্যয়ন আগবঢ়াই নিব পাৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি – ২০২০ ৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা উক্ত পাঠ্যক্ৰমৰ লক্ষ্য হৈছে শিক্ষার্থীসকলক অধিক সুসংগঠিত, বহুমুখী আৰু মানসম্পন্ন শিক্ষাৰ সুযোগ প্রদান কৰা। এই পাঠ্যক্ৰমৰ অন্যতম উল্লেখযোগ্য সুবিধা হৈছে, পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন অব্যাহত ৰাখিবলৈ কোনো পৃথক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে। উক্ত পাঠ্যক্ৰমৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ কেৱল এটা অংশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে স্ব-অর্থায়িত মাচুল গাঁথনিৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ পাঠ্যক্ৰমৰ গাঁথনি অনুসৰি স্নাতক পৰ্যায়ৰ পাঠদান সুচাৰুৰূপে চলাই নিবৰ বাবে বিশ্ববিদ্যালয়ক অতিৰিক্ত শৈক্ষিক আৰু পৰিকাঠামোগত সুবিধা সৃষ্টি কৰিবলগীয়া হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততেই এই পাঠ্যক্রমটো স্ব-অর্থায়িত মাচুল ব্যৱস্থাৰ অধীনত আৰম্ভ কৰা হৈছিল। উক্ত পাঠ্যক্ৰম আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয়ে কোনো ধৰণৰ পৃথক আর্থিক অনুদান, পৰিকাঠামোগত সহায় বা অতিৰিক্ত জনবল লাভ কৰা নাছিল। একাংশ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধি কৰা হৈছে বুলি খবৰসমূহ তথ্যভিত্তিক নহয়। অসমৰ বহু বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ মাচুল তুলনামূলকভাৱে কম আৰু শিক্ষার্থীসহায়ক । ২০২৩-২৪ শিক্ষাবৰ্ষত এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ সময়ত বিজ্ঞান শাখাৰ বিষয়সমূহৰ বাবে প্ৰতিটো ষান্মাসিকৰ মাচুল ১৬,৫০০ টকা আৰু কলা শাখাৰ বিষয়সমূহৰ বাবে ১৪,৫০০ টকা নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু এই মাচুলৰ পৰিমাণ কিছু বেছি হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰাত গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা যোৰ ষান্মাসিক আৰু আৰু পৰৱৰ্তী ষান্মাসিকৰ মাচুল ২,০০০ টকাকৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ বৰ্তমানৰ ষান্মাসিকৰ পৰা পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা যোগ্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলক মাচুল ৰেহাইৰ সুবিধা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
অৱশ্যে, মাচুল আৰু অধিক হ্রাস কৰিলে বিশ্ববিদ্যালয়ৰ সীমিত অভ্যন্তৰীণ সম্পদৰ ওপৰত যথেষ্ট চাপ পৰিব পাৰে । যাৰ ফলত নতুনকৈ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কিছুমান পাঠ্যক্ৰম খোলাৰ ক্ষেত্ৰত বাধা আহি পৰাটো নিশ্চিত । বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অধীনত ৪৫ টা প্ৰগ্ৰামত প্ৰায় তিনি হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। য’ত ১৫০ জন শিক্ষকক মাহেকত ২৯,৫০০ টকাকৈ দৰমহা প্ৰদান কৰিবলগীয়া হৈছে । ইয়াৰ উপৰিও আছে ৪০ জন অতিথি অধ্যাপক , ২ জনকৈ ভিজিটিং আৰু এক্সিলেন্স অধ্যাপক আছে । অসম চৰকাৰে আৰ্থিক অনুদান আগবঢ়াই আহিলেও বছৰেকত ৮০ ৰ পৰা ৯০ কোটি টকাৰ ঘাটি বাজেটৰে গুৱাহাটী বিশ্ববিদ্যালয় চলি থাকিবলগীয়া হৈছে। যাৰ বাবে নতুনকৈ কোনো নিযুক্তি দিব পৰা হোৱা নাই। আমি আশা ৰাখিছোঁ অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক সামৰি লব । আমি এই সন্দৰ্ভত অসম চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিতং আলোচনাৰ বাবে সাক্ষাৎকাৰ বিচাৰি আবেদন জনোৱা হৈছে । মাচুল বৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ পৰাগ ফুকনক অধ্যক্ষ হিচাপে লৈ ২৫ মে’ত উপাচাৰ্য্যই এখন ১২ জনীয়া উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰি দিছে। বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কক আহ্বায়ক হিচাপে লৈ গঠন কৰা কমিটিখনত গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থা , অসম কলেজ অধ্যক্ষ পৰিষদ আৰু অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে।