অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা প্ৰদৰ্শন কৰা বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় শৌৰ্য চক্ৰ সন্মানেৰে সন্মানিত কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাইফলছৰ ৫০ বেটেলিয়ানৰ মেজৰ ভাৰ্গৱ কলিতাক ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক এই সন্মান প্রদান কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংঙকে ধৰি কেবাজনো কেন্দ্ৰীয় মন্ত্ৰী, তিনিওটা সশস্র বাহিনীৰ মূৰব্বীসহ ভাৰতীয় সেনা , ভাৰতীয় নৌ সেনা আৰু ভাৰতীয় বায়ু সেনাৰ কেবাজনো উচ্চপদস্থ বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য ২০২২ চনৰ অক্টোবৰ মাহত জম্মু কাশ্মীৰত নিযুক্তি লাভ কৰা মেজৰ ভাৰ্গৱ কলিতাৰ নেতৃত্বত ২০২৪ চনৰ ২ ডিচেম্বৰত চলোৱা এক দুঃসাহসিক অভিযানত পাকিস্তানৰ মদতপুষ্ট তিনিজন দুর্ধর্ষ সন্ত্রাসবাদী নেতা নিহত হৈছিল। একেদৰে অভিযানটোত উগ্ৰপন্থীক সহায় কৰা চাৰিজন অভাৰগ্ৰাউণ্ড সদস্যক জীৱন্তে আটক কৰা হৈছিল। মেজৰ ভাৰ্গৰ কলিতাই এই অভিযানত নিজৰ জীৱনকো বিপন্ন কৰি দুর্দান্ত সাহসিকতা প্রদর্শন কৰিছিল। ইয়াৰ ফলতে তেওঁক শৌর্য চক্র প্ৰদানৰ কথা চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা ঘোষণা কৰা হৈছিল। উল্লেখ্য যে মেজৰ ভাৰ্গৱ কলিতাৰ পিতৃ ভাস্কৰ কলিতায়ো দীৰ্ঘদিন ধৰি সেনা বাহিনীত সেৱা আগবঢ়াই ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদ হিচাপে পৰিচিত মেজৰ জেনেৰেল পদৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ প্ৰায় তিনি বছৰ ধৰি অসম লোকসেৱা আয়োগৰ সদস্য পদত কৰ্মৰত হৈ আছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan