অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা

0 8

ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলসমূহত মোবাইল সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰথম পৰ্যায়ৰ কাম সফলভাৱে সম্পূৰ্ণ কৰিছে বুলি আজি ঘোষণা কৰে। তেজপুৰত মুখ্য কাৰ্যালয় থকা ভাৰতীয় সেনাৰ ৪ কৰ্পছৰ অংশীদাৰিত্বত উক্ত পদক্ষেপটি ৰূপায়ণ কৰা হৈছে।
এই গুৰুত্বপূৰ্ণ পদক্ষেপটিৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া তথা দুৰ্গম অঞ্চলসমূহত নিৰ্ভৰযোগ্য মোবাইল সংযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত এয়াৰটেল প্ৰথম আৰু একমাত্ৰ সেৱা প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত এই দূৰৱৰ্তী অঞ্চলসমূহৰ সেনা জোৱান আৰু স্থানীয় বাসিন্দাসকলে নিজৰ পৰিয়ালৰ সৈতে নিৰৱচ্ছিন্নভাৱে যোগাযোগ কৰিব পাৰিব।
এই পদক্ষেপৰ অংশ হিচাপে এয়াৰটেলে পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত অৱস্থিত ৩০টা সেনা শিবিৰত নেটৱৰ্ক সুবিধা স্থাপন কৰিছে। ইয়াৰ ফলত পূৰ্বতে ভৌগোলিকজনিত আৰু আন্ত:গাঁথনিমূলক সমস্যাৰ বাবে যোগাযোগ ব্যৱস্থা সীমিত হৈ থকা অঞ্চলসমূহত ভইচ আৰু ডাটা সংযোগ অধিক উন্নত হৈছে।
এয়াৰটেল আৰু ভাৰতীয় সেনাই সংঘবদ্ধভাৱে কাম কৰাৰ ফলত এই সফলতা সম্ভৱ হৈছে। সমগ্ৰ প্ৰকল্পটোত সেনাই ফাইবাৰ সংযোগ আৰু বিদ্যুৎ সুবিধা স্থাপনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়াইছে। যিবোৰ স্থানলৈ পথেৰে যোৱাটো সম্ভৱপৰ নাছিল, সেইবোৰ দুৰ্গম পাহাৰীয়া অঞ্চললৈ এয়াৰটেলৰ কাৰিকৰী দল আৰু টেলিকম সঁজুলি কঢ়িয়াই নিয়াৰ বাবে ভাৰতীয় সেনাই প্ৰয়োজনীয় সহায় আৰু লজিষ্টিক সমৰ্থন আগবঢ়াইছে।
প্ৰথম পৰ্যায় সফলভাৱে সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া পৰৱৰ্তী পৰ্যায়ৰ পথো মুকলি হৈছে। এই প্ৰকল্পৰ ইতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনা আৰু এয়াৰটেলে দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশৰ অতিৰিক্ত ১৫টা স্থানত নতুন নেটৱৰ্ক ছাইট স্থাপন কৰা হ’ব।এই পদক্ষেপে দেশৰ আটাইতকৈ দুৰ্গম অঞ্চলসমূহলৈ সংযোগ সুবিধা সম্প্ৰসাৰণৰ ক্ষেত্ৰত এয়াৰটেলে দিয়া প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। পাহাৰীয়া অঞ্চল আৰু প্ৰতিকূল বতৰৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ এয়াৰটেলৰ দল আৰু স্থানীয় সহায়ক গোটসমূহে একেলগে কাম কৰিছে, ভাৰতী এয়াৰটেলৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া বালাজী আৰে এনেদৰে উল্লেখ কৰে। তেখেতে কয়, “সময়মতে সুৰক্ষিত নেটৱৰ্ক সেৱা সক্ৰিয়কৰণ নিশ্চিত কৰিবলৈ আমাৰ দলসমূহে পাহাৰীয়া অঞ্চলত প্ৰতিকূল বতৰৰ মাজতো কাম কৰিছিল। এই সীমান্তৱৰ্তী অঞ্চলসমূহলৈ ডিজিটেল সংযোগ সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই আগবঢ়োৱা অতুলনীয় লজিষ্টিক সহায়ৰ বাবে আমি আন্তৰিকভাৱে কৃতজ্ঞ।”
এয়াৰটেলৰ নেটৱৰ্ক সম্প্ৰসাৰণে দুৰ্গম আৰু প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলসমূহত ডিজিটেল সুবিধা সকলোৰে ওচৰলৈ নিয়াৰ লগতে ভাৰতৰ ডিজিটেল ৰূপান্তৰক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

Leave A Reply

Your email address will not be published.