ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা

0 16

ৰাজ্যৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী, জনমুখী আৰু তৃণমূল পৰ্যায়লৈ অধিক ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাক লৈ আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উক্ত জিলাকেইখনৰ বিধায়কসকল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। সভাত জিলাকেইখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপলব্ধতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মানদণ্ডৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

সভাত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰসূতি মাতৃ আৰু নৱজাতকৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰতিটো বিধানসভা সমষ্টিতে চিকিৎসকৰ জৰিয়তে চি-ছেকচন (Cesarean Section) অস্ত্ৰোপচাৰ সেৱা আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে, জটিল প্ৰসৱৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাসকলক দূৰ-দূৰণিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া পৰিস্থিতি হ্ৰাস কৰাৰ লগতে সময়মতে উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ প্ৰতিটো সমষ্টিতে এই সেৱা উপলব্ধ হোৱাটো অত্যন্ত প্ৰয়োজনীয়।

ইয়াৰ উপৰিও মাতৃ আৰু শিশু মৃত্যুৰ হাৰ অধিক হ্ৰাস কৰা, বিপদাশংকাপূৰ্ণ গৰ্ভধাৰণ আগতীয়াকৈ চিনাক্ত কৰি উপযুক্ত চিকিৎসা নিশ্চিত কৰা, বিনামূলীয়া ডায়েলাইচিছ সেৱাৰ সুবিধা অধিক সংখ্যক ৰোগীৰ কাষলৈ লৈ যোৱা আৰু বিভিন্ন স্বাস্থ্য সূচকৰ উন্নতি সাধনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। লগতে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু বিভাগীয় বিষয়াসকলক নিষ্ঠা, দায়িত্ববোধ আৰু সমন্বয়ৰে কাম কৰি চৰকাৰৰ স্বাস্থ্যসেৱাক অধিক ফলপ্ৰসূ আৰু জনমুখী কৰি তুলিবলৈ আহ্বান জনায়।

সভাত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচী (RBSK), ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যসূচী (RKSK), বিদ্যালয় স্বাস্থ্য ক্লাব আৰু ‘যক্ষ্মামুক্ত ভাৰত’ অভিযানৰ অগ্ৰগতিৰো বিস্তৃত পৰ্যালোচনা কৰা হয়। শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য সুৰক্ষা, বিদ্যালয়ভিত্তিক স্বাস্থ্য সজাগতা, যক্ষ্মা নিৰ্মূল অভিযানৰ অগ্ৰগতি আৰু অন্যান্য জনস্বাস্থ্য আঁচনিসমূহ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰা হয়।

সভাত উপস্থিত জনপ্ৰতিনিধিসকলে নিজ নিজ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন সমস্যা, চিকিৎসা আন্তঃগাঁথনিৰ সীমাবদ্ধতা, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, অত্যাধুনিক সা-সঁজুলিৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলত স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰে। আজিৰ এই সভাখনত বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীৰ লগতে বিধায়ক জীৱেছ ৰয় (বিলাসীপাৰা), বেবী বেগম (ধুবুৰী), মূহিবুৰ হক (দক্ষিণ শালমাৰা-মানকাচৰ), আব্দুছ চবহাৰ আলী সৰকাৰ (গৌৰীপুৰ), সেউলি মহিলাৰী (কোকৰাঝাৰ), ৰূপম ৰায় (বাওখুংগ্ৰী), আশ্ৰাফুল ইছলাম শেখ (পৰ্বতঝোৰা) আৰু ভূপেন ৰায় (অভয়াপুৰী) উপস্থিত থাকি অঞ্চলভিত্তিক স্বাস্থ্য সমস্যাসমূহ আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্ত্ৰীগৰাকীৰ অৱগত কৰে।

সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মাসহ বিভাগটোৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই চৰকাৰী স্বাস্থ্য আঁচনিসমূহৰ ৰূপায়ণ, চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন, মানৱ সম্পদ শক্তিশালীকৰণ আৰু তৃণমূল পৰ্যায়ত গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। সভাৰ অন্তত স্বাস্থ্যসেৱাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী সময়সীমাৰ ভিতৰত ৰূপায়ণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, ইয়াৰ পাছতেই ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে অসম চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগক সৰ্বক্ষণ সষ্টম আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

লগতে বানপীড়িত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ মেডিকেল টীম গঠন কৰি সাজু কৰি ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতি তৎকালে মোকাবিলা কৰি বানাক্ৰান্ত লোকসকলক সকাহ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.