স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন

0 5

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চল, বান সাহায্য শিৱিৰ আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চলি থকা স্বাস্থ্যসেৱা, উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা কৰে।

পৰিদৰ্শনৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে চৰাইদেউ জিলাৰ ১ নং পৰচনী হাবি বান সাহায্য শিৱিৰ পৰিদৰ্শন কৰি আশ্ৰয় গ্ৰহণ কৰা বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ শিৱিৰত স্বাস্থ্য বিভাগে আগবঢ়াই থকা চিকিৎসা সেৱা, ঔষধ বিতৰণ, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু স্বাস্থ্যকৰ্মীসকলৰ কৰ্মতৎপৰতাৰ বুজ লয়। ইয়াৰ পিছত তেওঁ টেঙাপুখুৰী অঞ্চলৰ অন্তৰ্গত চুমণি বানাক্ৰান্ত এলেকালৈ নাওযোগে গৈ প্লাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰে আৰু উদ্ধাৰ, সাহায্য আৰু স্বাস্থ্যসেৱাৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ নাজিৰাৰ লক্ষ্মীনগৰ আৰু ডিমৌ সমষ্টিৰ বেতবাৰী-আলিমুৰস্থিত বান সাহায্য শিৱিৰ পৰিদৰ্শন কৰি বানপীড়িত পৰিয়ালসমূহৰ স্বাস্থ্যৰ বুজ লয়। শিৱিৰসমূহত চিকিৎসা দলসমূহে আগবঢ়াই থকা স্বাস্থ্যসেৱা, ঔষধৰ উপলব্ধতা, বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে খবৰ লোৱাৰ লগতে বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰে।

পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে ডিমৌ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, বহিঃবিভাগ, উপলব্ধ স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰে। বহিঃবিভাগত উপস্থিত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰি চিকিৎসা সেৱাৰ মানদণ্ড সম্পৰ্কে মতামত গ্ৰহণ কৰে। ইয়াৰ লগতে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি, জ্যেষ্ঠ চিকিৎসকসকল আৰু বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত চিকিৎসা সেৱাৰ গুণগত মান অধিক উন্নত কৰাৰ বাবে বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰে।

চিকিৎসালয় পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিকিৎসক ডাঃ সুৰজিৎ গিৰিৰ সৈতে সৰ্পদংশনৰ সুচিকিৎসা আৰু চিকিৎসালয়খনত সৰ্পদংশনত শূন্য মৃত্যু নিশ্চিত কৰাৰ সফলতা সম্পৰ্কেও আলোচনা কৰে। লগতে চিকিৎসালয়খনৰ বিভিন্ন অভাৱ-অভিযোগ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ বিষয়েও বুজ লয়। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িত অঞ্চলসমূহত স্বাস্থ্যসেৱা যাতে কোনো পৰিস্থিতিত ব্যাহত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসক, স্বাস্থ্যকৰ্মী, মোবাইল মেডিকেল টীম, প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য স্বাস্থ্যসামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধ ৰখা হৈছে আৰু বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই ব্যৱস্থা অব্যাহত থাকিব।

আজিৰ পৰিদৰ্শনত মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই, মাহমৰা সমষ্টিৰ বিধায়ক সুৰজ দিহিঙীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণ এছ., পৰিয়াল কল্যাণ সঞ্চালক শ্ৰী কমলজিৎ তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক কৰ্মসূচী প্ৰবন্ধক দ্বীপজ্যোতি ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মাখন কলিতা, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়ববীয়া, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.