ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

0 37

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত পতাকা জোকাৰি বাহন চাৰিখন মুকলি কৰে ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। অনুষ্ঠানত চমু ভাষণত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে ডিজেল আৰু পেট্ৰলচালিত বাহনে বায়ু আৰু শব্দ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত মানুহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে। গতিকে শব্দ আৰু বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ হলে পৰিবৰ্তিত পৰিস্থিতিত ইলেকট্ৰিক বাহনৰ কোনো বিকল্প নাই। এয়া সময়ৰ আহ্বান আৰু আমি ডিজেল আৰু পেট্ৰলৰ বিপৰীতে ইলেকট্ৰিক বাহনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিব লাগিব। অনুষ্ঠানত প্ৰাধিকৰণৰ বিভিন্ন বিভাগৰ কেবাজনো মহা প্ৰবন্ধককে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে প্ৰাধিকৰণে আগন্তুক দিনত তেওঁলোকে পৰ্যায়ক্ৰমে ইলেকট্ৰিক বাহন ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিব।

Leave A Reply

Your email address will not be published.