অচিৰেই মথাউৰি সম্পূৰ্ণ কৰিব লাগিব ….মুখ্যমন্ত্ৰী

0 257

প্ৰশাসনক অৱগত নকৰাকৈ নেপকোৱে যাতে ৰঙানদীৰ পানী এৰি দিব নোৱাৰে, সেইটো নিশ্চিত কৰিব লাগিব লক্ষীমপুৰ জিলা প্ৰশাসনে। এই প্ৰকল্পৰ পৰা পানী এৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লে কিমান পৰিমানৰ পানী এৰি দিব সেই বিষয়েও আগতীয়াকৈ জনসাধাৰণক অৱগত কৰিব লাগিব। কালি সন্ধিয়া উপায়ুক্ত সকলৰ ‘উন্নতি’ শীৰ্ষক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লক্ষীমপুৰ জিলাৰ উপায়ুক্তক এই নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে অত্যন্ত গম্ভীৰ এই বিষয় সন্দৰ্ভত নেপকোৰ কতৃপক্ষৰ সৈতে তৎকালীন ভাবে যোগাযোগ কৰিবলৈয়ো উপায়ুক্ত গৰাকীক নিৰ্দেশ দিয়ে।

ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক অহা ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে উপায়ুক্তসকলে নিজেই মেৰামতি কৰা মথাউৰি পৰিদৰ্শন কৰি গুণগত মান অক্ষুন্ন ৰাখি কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগিব। প্ৰতিগৰাকী উপায়ুক্তই বানপানী আৰু গৰাখহনীয়াৰ সম্ভাৱনা থকা বিপদ সংকুল ঠাই সমূহ চিনাক্ত কৰিব লাগিব আৰু স্থানীয় জনসাধাৰণ, বিভিন্ন সংগঠনকলৈ সমিতি গঠন কৰিব লাগিব। বানপানীৰ সময়ত সাহাৰ্য্য আৰু উদ্ধাৰ অভিযান তৎকালীন ভাবে কৰিব পৰাকৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈয়ো উপায়ুক্ত সকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

ভিডিঅ’ কনফাৰেঞ্চিঙৰ সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব টি ৱাই দাস প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.