কালিলৈ কাতি বিহু।সমগ্ৰ ৰাজ্যতে কাতি বিহুক আদৰাৰ প্ৰস্তুতি চলিছে।এইবাৰ দূৰ্গাপূজাৰ মাজতে কাতি বিহু পৰিছে।বজাৰবোৰত কাতি বিহুৰ সা- সামগ্ৰীয়ে ভৰি পৰিছে।কিন্তু ক্ৰেতাৰ সিমান ভিৰ পৰিলক্ষিত হোৱা নাই।আমি কথা পাতিছিলো নৱপ্ৰজন্মৰ কেইগৰাকীমানৰ সৈতে..তেওঁলোকে বিহুৰ অনুভৱ এনেদৰে ব্যক্ত কৰে।কাতি বিহু আন বিহুৰদৰেই গুৰুত্বপূৰ্ণ।আন বিহুত প্ৰকৃতিয়ে বৰণ সলোৱাৰ দৰে কাতি বিহুত বিশেষ পৰিবৰ্তন হোৱা দেখা নাপালেও আকাশখন শুকুলা হয়,গৰমৰ পৰা এক শীতকালীন পৰিবেশৰ সৃষ্টি হয়।কিন্তু বৰ্তমান সময়ত গাঁৱতো বিহুৰ মাদকতা নোহোৱা নিচিনা পৰিবেশ দেখা পোৱা গৈছে।বন্যহস্তীৰ তাণ্ডৱ,প্ৰাকৃতিক দুৰ্যোগৰ লগতে পূজাই কম বেছি পৰিমাণে প্ৰভাৱ পেলাইছে।প্ৰচাৰ মাধ্যমেও বিশেষ গুৰুত্ব দিয়া দেখা নাই।এই মন্তব্য প্ৰণৱ জ্যোতি নদীয়ালৰ।আনহাতে আনএগৰাকী নৱপ্ৰজন্ম উমাকান্ত বৰুৱাই এনেদৰে কয়-পূৰ্বে দেখাৰ দৰে গাঁৱত বিহু বিহু লগা পৰিবেশ দেখা নাই।মই বৰ্তমান গাঁৱত আছো যদিও এনে লাগিছে যেন কালিলৈ মাত্ৰ নিয়ম পালনৰ বাবে ৰাইজে প্ৰস্তুতি চলাইছে!ইফালে মেৰিলিন দত্তই এনেদৰে কয়- বিহু বুলিলে উচাহ জন্মা পৰিবেশ বৰ্তমানে নাই।ইয়াৰ বাবে আমিয়েই দায়ী।যিদৰে অগ্ৰজ সকলে আমাক শিকাই গ’ল,সেয়া তিলমানো ধৰি ৰাখিব পৰা নাই।ই অতি পৰিতাপৰ বিষয়।এয়া আছিল কেইজনমান নৱপ্ৰজন্মৰ কাতি বিহুৰ সম্পৰ্কত মতামত। তুলসী পুলি,কলগছ,ঔটেঙা,তেলীখৰি,আকাশবন্তিৰ পোহৰে সকলোৱে মনৰ দুৱাৰ খুলি দিয়ক।আহক, কালিলৈ কাতি বিহু পাতো,আধুনিকতাৰ মাজতো পৰম্পৰা সংস্কৃতি ধৰি ৰাখো।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত