কেই দিনমানৰ আগতে ফেচবুকত এটা পোষ্ট পাইছিলো।পোষ্টটো বহুতে শ্বেয়াৰ কৰিছিল ।পোষ্টটো আছিল এনেধৰণৰ আমিয়েই শেষৰ প্ৰজন্ম, যিয়ে নেকি শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিও অথবা সন্মান প্ৰদৰ্শন কৰো।আজি কালিৰ প্ৰজন্মৰ মানসিকতা ,ব্যৱহাৰৰ সম্পৰ্কে জানিব বিচৰাত এজন শিক্ষকে এনেদৰে কয়-সন্মানটো দূৰৰে কথা শাসন কৰাটোও বিপদ আজিকালি।এতিয়া প্ৰশ্ন হ’ল কি পৰিস্থিতিত শিক্ষাগুৰুজনে এনে কথা ক’লে ? আজিৰ প্ৰজন্মই সন্মান কৰিব নাজানে নেকি? নে সন্মান বোলা শব্দটোৱে চিনি নাপায়! শুনা যায় সন্মান এনে এক কাৰ্য্য, যাক বিলাই দিলেহে ঘুৰাই পাব পাৰি ।সন্মান দিলেহে সন্মান পাব পাৰি।টকা পইচাৰে সন্মান কিনিব নোৱাৰি বুলি ভবা হয় যদিও বাস্তৱিকতে আজিৰ দিনত সন্মানো কিনিব পৰা যায়।কিন্তু সেই সন্মান ক্ষণস্থায়ী ।গতিকে প্ৰতিটো কথাই মানৱীয় অনুভূতিৰে বিচাৰ কৰক জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰক ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন