আমি অসমীয়া নহওঁ দুখীয়া,বুলি সান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে, অসম ৰসাতলে যাব, আমি অসমীয়া নহওঁ দুখীয়া…. ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটো বৰ্তমান সময়ত বিশেষ ভাৱে প্ৰাসংগিক হৈ পৰিছে।কিয়নো গীতটোৱে বৰ্তমান সময়ৰ পৰিস্থিতিক প্ৰতিনিধিত্ব কৰিছে ।জাতি, মাটি, দেশৰ প্ৰতি থকা টানৰ বাবে তেখেতে গীতটোৰ জৰিয়তে কৈছিল প্ৰতিজন অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ লাচিত বৰফুকন নাই যদিও আগুৱাই যাব লাগিব ।অম্বিকাগিৰি চিঞৰক নৱৰূপ দি সংগ্ৰাম কৰিব লাগিব ।তেখেতে এই গীতটোৰ জৰিয়তে অসমীয়াৰ সংজ্ঞা দাঙি ধৰি কৈছিল-আমি প্ৰতি জন অসমীয়াই ভাল ভাৰতীয় আৰু লুইতৰ পাৰৰ মাটিক মাতৃ বোলাজন নতুন ৰূপৰ অসমীয়া।আমি নিজৰ মাজতে যদি বিভেদ ৰাখো বিশ্বই আসৈ পাব! এয়া আছিল সুধাকণ্ঠ গৰাকীৰ গীতৰ থুলমূল প্ৰসংগ।সচাঁকৈয়ে আজি দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সান্তনা দিবলৈ কোনো নাই ।আছে মাথোঁ ইতিহাস ।ইতিহাসত সন্নিবিষ্ট মহান ব্যক্তিসকলৰ কিছু বাণীক সৰোগত কৰি সমাজ আৰু দেশ সেৱাৰ বাবে প্ৰতিজন অসমীয়াই পণ কৰা উচিত ।এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ লগতে শিল্পী, সাংবাদিকৰো কৰণীয় আছে ।সদৌ শেষত এই বিশেষ দিনটোত সুধাকণ্ঠ গৰাকীক তেখেতৰ গীতৰ কিছু প্ৰসংগই স্মৰণ কৰি প্ৰণিপাত জনালো ।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন