বিশ্ব দিবাংগ দিৱসৰ বিশেষ

0 433

আজি বিশ্ব দিবাংগ দিৱস।দিবাংগ সকলৰ সুৰক্ষা, সামাজিক সন্মানৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়।১৯৯২চনৰ ৩ ডিচেম্বৰ তাৰিখৰ  পৰা দিবাংগ দিৱস পালন হৈ আহিছে।দিবাংগ সকল সমাজৰে অংশ।কিন্তু আজিও তেওঁলোকে প্ৰকৃত অধিকাৰ,স্বাধীনতাৰ পৰা বঞ্চিত । সেয়েহে আজিও পৰিলক্ষিত হ’ল মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা একাংশ দিবাংগই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা ।প্ৰতিবছৰে বিভিন্ন থিমৰ আধাৰত দিবাংগ দিৱস পালন কৰা হয়।এই বছৰৰ থিম হ’ল দিবাংগ সকলৰ দক্ষতা আৰু সমতা প্ৰতিষ্ঠা কৰা।এই দিৱস উপলক্ষে ঠাই বিশেষে বিভিন্ন অনুষ্ঠান গীত মাত , ক্ৰীড়া অনুষ্ঠিত হয়।এই দিৱসে দিবাংগ সকলৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কে সোঁৱৰাই দিয়ে ।

Leave A Reply

Your email address will not be published.