গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ গাতে ধৰি পশ্চিম গুৱাহাটীৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা উদ্যমী যুৱক যুৱতী সকলে গো আৰু গাহৰি পালনৰে যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নৰ্বাডৰ ফালৰ পৰা ২০১৮বৰ্ষত উদ্যমিতা উন্নয়ন আঁচনি তথা ই ডি পি নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে ।কিন্তু ২০১৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰূপায়ন কৰা আঁচনি খনৰ অধীনত মাত্ৰ ছমাহৰ ভিতৰতে বহু নিবনুৱা যুৱক যুৱতী উপকৃত হোৱাত আৰু স্বাৱলম্বীতাৰ পথত আগবাঢ়ি যোৱাত সচেতন লোকসকল উৎসাহিত হৈ পৰিছে।এই সন্দৰ্ভত স্থানীয় উদ্যমী তথা টুৰিজিম চ’চাইটিৰ কৰ্মকৰ্তা প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে ই ডি পি আঁচনিৰ অধীনত গৰু পোহা তথা গো পালনৰ চাৰে চাৰি লাখ টকা ঋণ লাভ কৰিছিল।সম্প্ৰতি গাখীৰৰ পৰা পনীৰ উৎপাদন কৰি আহিছে ।তেওঁ ভালধৰণে স্বাৱলম্বী হৈ পৰিছে,আঁচনি খনৰ সম্পৰ্কত চিকিৎসক ডাক্টৰ নাৰায়ন চন্দ্ৰ দেউৰীয়ে এখন ফলদায়ক আঁচনি বুলি মন্তব্য কৰে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন