মানুহে জনা মানুহৰ পৰা কথা শিকিব নিবিচাৰে ।সেয়ে মই বন্ধুৰ দৰে কথাকৈ ইউটিউৱৰ ভিডিঅ’ বোৰ বনাও।মানুহে ভাল পায়।তেনেকৈয়ে ভিউৱাছ বাঢ়ে।এইষাৰ কথা ডিম্পু বৰুৱাৰ।বৰ্তমান সময়ৰ অসমৰ এজন সফল ইউটিউৱাৰ হ’ল ডিম্পু বৰুৱা।নলবাৰী ডিম্পু বৰুৱাৰ নিজৰ নামেৰে ইউটিউৱত দুটাকৈ চেনেল আছে।চেনেল দুটাৰ জৰিয়তে ডিম্পুৱে বহুতো জানিবলগীয়া তথ্য, জ্ঞান, ৰসাল কথাৰে ব্যক্ত কৰে।উল্লেখযোগ্য যে ডিম্পুৰ কথনশৈলীত আছে এক বিশেষ প্ৰকাশভংগী।যাৰ বাবে ডিম্পুৱে নিচেই কম দিনৰ ভিতৰতে অসমৰ এজন আগশাৰীৰ ইউটিউৱাৰ হিচাপে স্বীকৃতি পাইছে।ডিম্পুৱে ইউটিউৱ চেনেলৰ জৰিয়তে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।তেওঁৰ চেনেলৰ জনপ্ৰিয়তাৰ বাবে অলপতে আমেৰিকাৰপৰা YouTube silver play button আৰু বিশেষ মানপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।শিক্ষামূলক আৰু ভ্ৰমণ বিষয়ক চেনেলৰ কথা কিদৰে মনলৈ আহিল বুলি সোধাৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেই সময়ত এনে ধৰণৰ চেনেলৰ অভাৱে এনে চেনেল আৰম্ভণিৰ মূল হোতা।যাৰ ফলশ্ৰুতিত সমাজৰ বাবে কিবা এটা বেলেগ কৰা মানসিকতাৰ গুৰিতে এই চেনেলৰ আৰম্ভ হ’ল।ডিম্পুৰ মতে উপস্থাপনৰ শৈলী, কথন ভংগীৰে তেওঁৰ চেনেলক বিশেষ কৰি ৰাখিছে।ডিম্পুৱে প্ৰস্তুত কৰা জিঅ’ৰ হিষ্ট্ৰী আৰু বগীবিল শীৰ্ষক ভিডিঅ’টোৰ সৰ্বোচ্চ ভিজিটৰৰ সংখ্যা ৮লাখ অতিক্ৰম কৰিছে।ৰাতিটোৰ ভিতৰতে লাখ লাখ ভিউৱাছৰ নয়নৰ মণি হৈ পৰা ডিম্পুৰ এই যাত্ৰা অব্যাহত থাকক।আমি জনালো অলেখ শুভকামনা ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
Congrats dimpu da