উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

0 271

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি ২০১৮-১৯ বৰ্ষৰ অধীনত ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰি বিষ্ঞু ৰাভা উৰণীয়া সেতু সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া উযণীয়া সেতুৰ আজি গণেশগুৰি চাৰিআলীত আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৫৮.৭৬ কোটি টকা ব্যয় সাপক্ষে ৪৭৬ মিটাৰ দৈৰ্ঘ্যৰ নতুন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে গুৱাহাটী মহানগৰৰ অন্যতম ব্যৱসায়িক অঞ্চল গণেশগুৰিত এই উৰণীয়া সেতুখন নিৰ্মাণ হৈ উঠিলে যান যটৰ সমস্যা যথেষ্ট লাঘৱ হ’ব। অসম চৰকাৰৰ লক্ষ্য হৈছে গুৱাহাটী দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ হিচাপে গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে বিগত দুবছৰ দহ মাহ বিভিন্ন বাস্তৱ মুখি পদক্ষেপ গ্ৰহণ কৰি ৰাজধানী চহৰখনক দেশৰ অন্যতম ‘স্মাৰ্ট চিটি’লৈ ৰূপান্তৰ কৰাৰ বাবে একাধিক প্ৰকল্প ৰূপায়ণ কৰা হৈছে। লগতে সোণোৱালে কয় যে, আন্ত:ৰাষ্ট্ৰীয় চহৰ এখন গঢ় লৈ উঠিবলৈ কেৱল আন্ত:গাঠনি উন্নয়ন কৰিলে নহ’ব এই ক্ষেত্ৰত চহৰখনৰ বাসিন্দাসকলৰো গুৰুত্বপূৰ্ণ ভুমিকা আছে। গুৱাহাটীৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ ফলত মহানগৰখনলৈ দেশ-বিদেশৰ বহুলোক আগমণ বৃদ্ধি পোৱাৰ লগতে গুৱাহাটী তথা অসম ভ্ৰমণলৈ অহা পৰ্যাটকসকলে যাতে স্থানীয় লোকৰ আতিথ্যত আপ্লুত হয় সেই দিশৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনায় মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি গণেশ গুৰি উৰণীয়া সেতুৰ বাহু সদৃশ উৰণীয়া সেতুখন নিৰ্মাণ হৈ উঠিলে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা খানাপাৰা আৰু উলুবাৰীৰ পৰা ৰাধা গোবিন্দ বৰুৱা পথলৈ যাতায়ত যথেষ্ট সুচল হোৱাৰ লগতে গণেশগুৰিত প্ৰায় ৩৫ শতাংশ যান-যটৰ হ্ৰাস পাব। প্ৰায় ১৮ মাহৰ ভিতৰত এই উৰণীয়া সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই । লগতে তেওঁ কয় যে, যান-যটৰ সমস্যাটো দীৰ্ঘম্যাদী সমাধানৰ বাবে গণেশ মন্দিৰ দিশৰ পৰা বিষ্ঞু ৰাভা সেতু সংযোগী উৰণীয়া সেতু আৰু জি এন আৰ চি পইণ্টটো উৰণীয়া সেতু নিৰ্মাণৰ বাবে গড়কাপ্তানি বিভাগে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি মন্ত্ৰী ড০ শৰ্মাই ভাষণত উল্লেখ কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাহাং, গড়কাপ্তানি বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই প্ৰমুখ্যে বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.