স্বচ্ছতাই সেৱা ২০১৯ শাখাত ডিব্ৰুগড় জিলাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলা আৰু প্লাষ্টিক নিষ্কাশন বঁটা ২০২০ লাভ কৰিবলৈ সক্ষম হৈছে।কালি নতুন দিল্লীৰ এৰ’চিটীৰ প্ৰাইড প্লাজাত কেন্দ্রীয় জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ দ্বাৰা এক অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক বঁটা প্ৰদান কৰে বলিউডৰ জনপ্রিয় অভিনেতা আমীৰ খানে।সমগ্র দেশতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্রহ আৰু সঠিক পদ্ধতিৰে নিষ্কাশনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জন আন্দোলনৰ সময়চোৱাত ডিব্ৰুগড় জিলাই বিশেষ পদক্ষেপ গ্রহণ কৰিছিল।ডিব্ৰুগড় জিলা খোৱা পানী আৰু অনাময় সমিতি,ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জনস্বাস্থ্য বিভাগে দল সংগঠন,জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ ৰাস্তা ঘাটে পৰি থকা প্লাষ্টিক জাতীয় আৱৰ্জনা সংগ্রহ কৰিছিল।এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্রহ আৰু সেইসমূহ সঠিক পদ্ধতিৰে নিষ্কাশন কৰাৰ ক্ষেত্রত উদ্ভাৱনমূলক আৰু ফলপ্রসূ প্ৰচেষ্টা হাতত লোৱাৰ বাবে ডিব্ৰুগড় জিলাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন