অসম দিৱসত মুখ্যমন্ত্ৰীয়ে কি ক’লে

0 185

চাওলুং চুকাফাই যি আৰ্দশৰে বৃহত্তৰ অসমীয়া জাতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে আদৰ্শ দেখুৱাই গৈছে, একবিংশ শতিকাত আমি সকলোৱে মিলি সেই আদৰ্শক বাস্তৱায়িত কৰিব লাগিব।চাওলুং চুকাফাৰ মানৱীয় অনুভূতি শক্তিশালী কৰি পৰিয়াল,সমাজ,ৰাজ্য,ৰাষ্ট্ৰ শক্তিশালী কৰিব লাগিব।তেখেতৰ চিন্তাধাৰাৰে আমি জীৱনৰ বাটত অগ্ৰসৰ হ’ব লাগিব।আজি যোৰহাট জিলা পুথিভঁৰালত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অসম দিৱসত ভাষণ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে।আমি পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰকাশ কৰিলেহে সমন্বয়ৰ সমাজ এখন গঢ় দিব পাৰিম।চুকাফাৰ আদৰ্শৰে দক্ষিণ পূব এছিয়াৰ লগত সম্পৰ্ক স্থাপন কৰা হৈছে বুলি এক্ট ইষ্ট পলিচিৰ কথা দোহাৰে।১০খন আছিয়ান দেশৰ উপৰিও বাংলাদেশ ,ভূটানৰ লগত সামাজিক, ৰাজনৈতিক, বাণিজ্যিক, পৰ্যটন বিকাশৰ বাবে কাম কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।আজিৰ অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী,মন্ত্ৰী তপন গগৈ, কামাখ্যা প্ৰসাদ তাচা, নবীন কোঁৱৰ,বৰ্ণালী শৰ্মাকে আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.