নমস্কাৰ । কালি পূজা আৰু দীপাৱালীৰ প্ৰাক ক্ষণত আপোনালোকলৈ যাঁচিছো হিয়াভৰা অফুৰন্ত শুভেচ্ছা । দীপাৱালীৰ আলোকৰ দৰে সকলোৱে জীৱন যেন আলোকিত হৈ পৰে তাকে কামনা কৰিলো। পোহৰৰ উৎসৱৰ এই বিশেষ ক্ষণত শব্দ প্ৰদুষণে যাতে শান্তি পৰিবেশ বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বঙাইগাওঁ জিলাৰ অভায়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান শুক্লধবজৰ দ্বাৰা এক সজাগতামূলক প্ৰচাৰ কাৰ্য্যত ব্ৰতী হৈছে। আনহাতে যোৰহাট জিলাতো জ্যোতিময় ক্লাৱৰ সৌজন্যত এনে সজাগতা মূলক প্ৰচাৰ চলোৱা কাৰ্য্যই একাংশ সচেতন নাগৰিকক আনন্দিত কৰি তুলিছে। এনেধৰণৰ সুখবৰ সকলোকে আনন্দ দিয়ে। প্ৰমাণ কৰে আমাৰ মাজত আজিও মানৱীয়তা সত্বা হেৰাই যোৱা নাই। সেয়েহে এই বিশেষ ক্ষণক আপোনাক এই ভাল খবৰ জনাবলৈ পাই আমিও সুখী। পুনৰ NE Focus ফালৰ পৰা আপোনালৈ কালি পূজা আৰু দীপাৱলীৰ শুভকামনা জনালো।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন