নৱপ্ৰজন্ম কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হৈ উঠিছে ।কৃষিকে সাৰথি কৰি বহু নিবনুৱা যুৱকে স্বাৱলম্বীতাৰ সোপান ৰচিছে।এই কথাষাৰ সত্যতা প্ৰমাণিত কৰিছে কামৰূপৰ বকোৰ অঞ্চলৰ এদল যুৱকে।উল্লেখযোগ্য যে বকোৰ একাংশ শিক্ষিত যুৱকে জৈৱিকভাৱে অমিতা, ষ্ট’বেৰী, বেঙেনা, বন্ধাকবি, জিকা, ভোল, ব্ৰ’কলিৰ খেতি কৰিছে।নকৈ কৰা ষ্ট্ৰ’বেৰী খেতিৰ জৰিয়তে যথেষ্ট লাভৱান হৈ পৰিছে বুলি জানিব পৰা গৈছে ।ষ্ট’বেৰী প্ৰতি কিলোগ্ৰাম ৫০০টকা মূল্যত বিক্ৰী হৈছে ।এই ক্ষেত্ৰত ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত খেতিয়ক কৃষ্ঞ বড়োৰ আদৰ্শৰে অগ্ৰসৰ হৈছে বুলি একাংশ স্থানীয় কৃষকে মন্তব্য কৰিছে ।স্মতব্য যে কৃষ্ঞ বড়োৱে বিভিন্ন প্ৰজাতিৰ বেঙেনাৰ খেতি কৰি লাভান্বিত হৈছে । কৃষি কৰ্মৰ জৰিয়তে নিবনুৱা সকলে স্বাৱলম্বী হোৱা কাৰ্য্যই অঞ্চলটোৰ সচেতন ব্যক্তি সকলক আনন্দিত কৰি তুলিছে ।সহযোগ কৰিলে বকোৰ পৰা নেকিব জামানে।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন