শ্ৰম আৰু শ্ৰমিক। এই দুটা শব্দৰ ভিতৰত যদি আপোনাক নিবাৰ্চন কৰিব দিও, কোনটো শব্দক বেছি প্ৰাধান্য দিব? কোনোৱে হয়তো শ্ৰমক, আন কোনোৱে হয়তো শ্ৰমিকক অগ্ৰাধিকাৰ দিব। বৰ্তমান সমাজ ব্যৱস্থালৈ যদি দৃষ্টি দিও একাংশ লোকৰ বাবে শ্ৰমিকৰ অবিহনে যেন জীৱন অচল। আনহাতে উঠি অহা প্ৰজন্মই শ্ৰমক আকোঁৱালি লোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কিন্তু এই স্বীকাৰ লাগিব যে আগৰ দৰে আমাৰ নৱপ্ৰজন্মই কাম নকৰে। কাম কৰিবলৈ এলাহ কৰে।এই কথা বেছি দূৰলৈ দৃষ্টি নিদিলেও আপোনাৰ নিজৰ গাঁওখনতে যদি চাই দেখা পাব। ইয়াৰ মূল কাৰণ হ’ল শ্ৰমৰ অবিহনে আলাসতে জীৱন যাপন কৰিব বিচৰা অথবা ভোগবাদী মানসিকতা। দুখৰ বিষয় হ’ল যে আজিও শ্ৰমিক সকল উপেক্ষিত। শ্ৰমিক সকলে উচিত মজুৰী নাপায়। মালিক অথবা গৰাকী হাতৰ পুতলা স্বৰূপ হৈ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। শিক্ষিতসকলৰ একাংশই শিশু শ্ৰমিক সকলক শ্ৰমিক হিচাপে নিয়োজিত কৰি ভৱিষ্যত জীৱন বিপদাপন্ন কৰি তুলিছে। আমাৰ দেশখন উন্নয়ন নোহোৱাৰ অন্যতম কাৰণ হ’ল আমি শ্ৰমক মৰ্য্যাদা দিবলৈ এতিয়াও শিকা নাই, শিকা নাই শ্ৰমিককলক মৰ্য্যাদা দিবলৈ.. যাৰ ফলস্বৰূপে শ্ৰম কৰা মানসিকতা হ্ৰাস পাই আহিছে। আমি নিৰ্ভৰ কৰিব লগা হৈছে আনৰ ওপৰত। আজি শ্ৰদ্ধা জনাব বিচাৰিছো, সেইসকল ব্যক্তিক যাৰ ঘাম আৰু শ্ৰমৰ বিনিময়ত আমি এসাজ খাবলৈ পাইছো, এটি ঘৰত ৰ’দ বৰষুণে তিয়াব নোৱাৰাকৈ মূৰ গুজিব পাৰিছো। সদৌ শেষত সকলোকে মে’ দিৱসৰ শুভেচ্ছা জনালো।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন