কাইলৈ পৰা আৰম্ভ হ’ব অম্বুবাচী

কাইলৈ পৰা কামাখ্যাত অম্বুবাচী অনুষ্ঠিত হ`ব।এইবাৰ ক’ভিড সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰে ধামখুমীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰে যদিও অনুষ্ঠুপীয়া নীতি নিয়মেৰে অনুষ্ঠান অনুষ্ঠিত কৰিব।পঞ্জিকা অনুসৰি মংগলবাৰৰ ২ বাজি ৬ মিনিট ৭ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব। আৰু সেই মহা প্ৰবৃত্তি পিছত ২৬ জুনৰ বুধবাৰে নিশা ২ বাজি ২৯ মিনিট ৯ চেকেণ্ডত নিবৃত্তি হ’ব।এই সময়খিনিত কামাখ্যা মূল দুৱাৰ বন্ধ থাকিব।আৰু ২৬ জুনত কামাখ্যা ধামৰ মূল দুৱাৰ খোলা হ’ব।উল্লেখযোগ্য কামাখ্যাত প্ৰতিবছৰে অম্বুবাচীৰ উপলক্ষে লক্ষাধিক ভক্তৰ সমাগম হয়।বিভিন্ন ৰাজ্যৰ পৰা অহা সাধু সন্যাসীয়ে কামাখ্যাত ভিৰ কৰে।

Comments (0)
Add Comment