গুৱাহাটী বিশ্ববিদ্যালয়ৰ চুড়ান্ত পৰীক্ষা ছেপ্তেম্বৰ মাহৰপৰা অনুষ্ঠিত হ’ব

সমগ্ৰ ৰাজ্যজুৰি ক’ৰণা ভাইৰাছে তাণ্ডৱ চলাই থকাৰ সময়তে পৰীক্ষা সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চলি থকা ক’ভিড-১৯ৰ স্বাভাৱিক পৰিস্থিতিক ভিত্তি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ  চুড়ান্ত ষান্মাষিকৰ পৰীক্ষাসমূহ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা জাননীত প্ৰকাশ পাইছে। সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সকলোধৰণৰ নীতি নিয়ম পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩সপ্তাহ পূৰ্বে আনুষ্ঠানিকভাবে  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিব বুলি জাননী খনত উল্লেখ আছে। স্মৰ্তব্য যে পৰীক্ষাৰ মাছুলৰ ক্ষেত্ৰত ২০শতাংশ ৰেহাই দিয়াৰ কথা জাননীখনত উল্লেখ কৰিছে।

Comments (0)
Add Comment