স্মৃতি দিৱস পালন

প্ৰথিতযশা সাহিত্যিক ,নাট্যকাৰ ,কবি ,গীতিকাৰ ,সুৰকাৰ ,প্ৰগতিশীল চিন্তা চৰ্চাৰে সমৃদ্ধ এক বিশাল প্ৰতিভাৰ গৰাকী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মাজুলীৰ এগৰাকী সু সন্তান তৰুন চন্দ্ৰ পামেগামৰ কালি ৩৮ সংখ্যক মৃত্যু তিথি। পুৰণি কলীয়া ৰক্ষণশীল সমাজৰ বিপৰীতে প্ৰগতিশীল চিন্তা চৰ্চাৰে অসমীয়া ভাষা, সাহিত্যৰ জগত উদ্ভাসিত কৰি থৈ যোৱা তেখেতৰ বৰ্ণিল কৰ্মসূচীক নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে মাজুলী জিলা মিছিং আৰ্টিছ এছ`ছিয়েচন দিনযোৰা বনাঢ্য কাৰ্যসূচীৰে নামনি মাজুলীৰ নলদোৱা ৰংগ মঞ্চত স্মৃতি দিৱস পালন কৰে।স্বৰ্গীয় তৰুণ চন্দ্ৰ পামেগামৰ দ্বাৰা ৰচিত বিভিন্ন গীত মাত পৰিবেশনৰউপৰিও একাংশ স্থানীয় শিল্পী দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় ।

Comments (0)
Add Comment