অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ।অসমৰ নাট্য শিল্পী কিচমত বানোলৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ।যোৱা ২৫ নৱেম্বৰত সংগীত-নাটক একাডেমীয়ে ঘোষণা কৰা অতি মর্যাদাসম্পন্ন ৰাষ্ট্ৰীয় বঁটা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নাট্য শিল্পী কিচমত বানোৱে।ভাৰতীয় থিয়েটাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে অভিনয় ক্ষেত্ৰত কিচমত বানোলৈ ২০২০ বৰ্ষৰ বাবে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ বঁটা আগবঢ়োৱা হৈছে।কিচমত বানোৱে গুৱাহাটীৰ আগশাৰীৰ নাট্যগোষ্ঠী ছিগাল থিয়েটাৰত অভিনয় দিশত তিনি বছৰ প্রশিক্ষণ গ্রহণ কৰিছিল।ইয়াৰ পাছতে তেওঁ নিয়মীয়া থিয়েটাৰ অনুশীলন আৰু বিশেষভাবে সক্ষম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাস জৰ্জৰিত শিশু আৰু যুৱ প্ৰজন্মৰ বাবে থিয়েটাৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে উইংছ নামেৰে এক থিয়েটাৰ গোষ্ঠী প্রতিষ্ঠা কৰিছিল।তেওঁ ৰচনা কৰা হেলেন, বানো,সপোন,পোহৰ আদি নাট পৰিচালনা কৰাৰ উপৰিও অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।তেওঁৰ দ্বাৰা ৰচিত, অভিনীত কেইবাখনো নাট ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো মঞ্চস্থ হৈ ভূয়ষী প্রশংসা লাভ কৰিছে।২০১৭ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু এনইজেদচিচি ৰ পৰা থিয়েটাৰ ক্ষেত্ৰত যুৱ প্ৰতিভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল বানোৱে।২০১৯ বৰ্ষত তেওঁ থিয়েটাৰ ক্ষেত্ৰৰ ৰাবে লাভ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেল’শ্বিপ।তেওঁ ইউনেস্ক’ৰ দ্বাৰা আয়োজিত দ্বিতীয় ঢাকা আন্তর্জাতিক থিয়েটাৰ মহোৎসৱ, কলকাতাৰ নান্দিকাৰ থিয়েটাৰ ফেষ্টিভেল, মুম্বাইৰ কালাঘোঁৰা আৰ্ট ফেষ্টিভেল আৰু দেশৰ বিভিন্ন থিয়েটাৰ ফেষ্টিভেলত নাট্য প্রযোজনা মঞ্চায়ন কৰিবলৈ আমন্ত্ৰিত হৈ আহিছে।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা