৩২ জাতি-জনজাতিৰ লোক,ছাত্ৰ-ছাত্ৰী, শিল্পী, কলা-কুশলী, ভিন-ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্ববৰেণ্য শিল্পী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ দ্বাদশ বাৰ্ষিক স্মৃতি দিৱসটি সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ লগতে ডিফু আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰজাপথাৰ শাখা সাহিত্য সভাৰ আতিথ্যত বৰ্ণাঢ়্য কাৰ্যসূচীৰে ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়”ত উদযাপন কৰা হয়।পুৱা ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ সভাপতি উমেশ কাকতিয়ে । ৮-৩০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন মুকলি কৰে জিলা সাহিত্য সভাৰ সভাপতি ভবেন চন্দ্ৰ কোচ আৰু বন্তি প্ৰজ্বলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ তালুকদাৰে । ৯-১৫ বজাত ক্ৰমে গোলক বৰা সোঁৱৰণী মঞ্চ আৰু গোপেশ্বৰ বৰদলৈ সোঁৱৰণী মঞ্চ মুকলি কৰে সমাজকৰ্মী ধনছিং তেৰাং আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশীয়ে । ১০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰদৰ্শনীমূলক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ অন্তত দিনৰ ১২ বজাৰ পৰা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীৰ গীতৰ নান্দনিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি তথা দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেবেন্দ্ৰনাথ বসুমতাৰীয়ে কয়- “ভূপেনদা অসম বা ভাৰতৰে নহয় তেওঁ বিশ্বৰে ৰত্ন হয় । বিশিষ্ট কবি- সাংবাদিক দীপক শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণত কয়- ভূপেন হাজৰিকাই সাহিত্যৰ নৱেল বঁটা পাব লাগিছিল । তেওঁৰ গীতবোৰ ইংৰাজী বা অন্যান্য বিদেশী ভাষালৈ অনুবাদ হ’ব লাগে।আমেৰিকাৰ বব ডিলানে যদিহে সাহিত্যৰ নৱেল বঁটা পাই, তেতিয়াহ’লে ভূপেন হাজৰিকাইও পাব লাগে ।” অনুষ্ঠানত সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা চলচিত্ৰ পৰিচালক অৱনী ৰঞ্জন পাঠক, সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰিমোহন জিদুং বিশিষ্ট অতিথি, ৰাংছিনা ভৱনৰ গৱেষণা বিষয়া সুৰঞ্জনা হাচনু, সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ডম্বৰুধৰ হাজৰিকা, জিতেন শইকীয়া, কেশৱ তেৰাং,ছাৰছ’ তিছ’, যাদৱ চন্দ্ৰ বৰদলৈ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, ৰজাপথাৰ সাহিত্য সভাৰ সম্পাদক প্ৰভাত বৰদলৈয়ে অতি নিয়াৰিকৈ আঁত ধৰা অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী তৃঞ্চা দেৱী, কুইন দাস, জয়মতী নাৰ্জাৰী, প্ৰশান্ত ৰাজখোৱাই সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী বিভিন্ন গীত পৰিবেশন কৰি বিশাল ৰাইজক আপ্লুত কৰে । সভাত বিশিষ্ট শিল্পী তথা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সমাজকৰ্মী অমৰ বৰদলৈক বিপুল ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা