ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি , ভূপেন্দ্ৰ আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ বাসিনদা চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাসমূহৰ মূল উদ্দেশ্য হ’ল গাঁৱে -ভূঞে,চহৰে – নগৰে,পাহাৰে – ভৈয়ামে থকা শিল্পী সকলৰ প্ৰতিভাসমূহ বিকাশ কৰা।উক্ত প্ৰতিযোগিতাসমূহ প্ৰথম পৰ্যায়ত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হৈ যোৱা ১৭ আৰু ১৮ জানুৱাৰীত দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত জিলা ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়।জিলা পৰ্যায়ৰ প্ৰতিোগিতাত স্থান লাভ কৰা পলাশবাৰীৰ চুমি কলিতাক কালি কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা উন্নয়ন আয়ুক্তৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰে।ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অচিৰেই অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। চুমি কলিতা প্ৰধান শিক্ষক তথা সমাজকৰ্মী অনিল কলিতা আৰু চিত্ৰা কলিতাৰ জীয়ৰী। চুমি কলিতাৰ এই সাফল্যত দক্ষিণ কামৰূপৰ বহু সংখ্যক দল- সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ
- ৰাণী হাইস্কুল চৌহদত চি আৰ এফৰ উদ্যোগত গছপুলি ৰোপণ অভিযান
- গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন
- জুন মাহৰ শেষত ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব মিজোৰামৰ ৰাজধানী চহৰ আইজল -ৰাজধানী নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ চলিব ৰেল
- মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত