আৰম্ভ হ’ল মুখ্যমন্ত্ৰী যুৱ সমাৰোহ

আজিৰে পৰা আৰম্ভ হ’ল মুখ্যমন্ত্ৰী যুৱ সমাৰোহ ।যুৱ তথা উদ্যমী সকলৰ সহায়ক হোৱাকৈ অনুষ্ঠিত হোৱা এই সমাৰোহ খনৰ প্ৰথম দিনা কৃষিৰ ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বিভিন্নজন উদ্যমীৰ লগত মত বিনিময় হয়।অসমৰ প্ৰায় ৮৫ খন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়ে সমাৰোহখনত উপস্থিত থাকি ঠাই বিশেষে কৃষিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে মতবিনিময় কৰে।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সমাৰোহখনে কৃষি, অৰ্থনীতিৰ ক্ষেত্ৰত ন মাত্ৰা প্ৰদান কৰিব।সমাৰোহখনত আলোচক হিচাপে শ্যামকানু মহন্ত,লক্ষ্য কোঁৱৰ,সত্যেন মহন্ত, সঞ্জয় চাংকাকতি, ডক্টৰ মৃদুল বৰা উপস্থিত থাকে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

কাঠ পেঞ্চিলৰ ক’লা অংশত বিশিষ্ট লোকৰ ছবি অংকন কৰিছে আজাৰাৰ এজন যুৱকে

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিৰ এজন যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাৰদীয় দূৰ্গাপূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপৰে অন্যন্য প্ৰতিভাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে।

 

 

যুৱকজনৰ নাম হৈছে বিশাল চৌধুৰী। চণ্ডীগড় ইউনিভাৰচিটিৰ বি ফাৰ্মাচিৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিশাল চৌধুৰীয়ে কাঠ পেঞ্চিলৰ ক’লা অংশৰে নিৰ্মাণ কৰিছে ভগৱান তথা বিশিষ্ট লোকৰ মূৰ্তি।

 

 

প্ৰায় ১৫-২০ ঘণ্টাৰ দৃঢ় মনোযোগৰে কাঠ পেঞ্চিলৰ ক’লা অংশত শাৰদীয় দূৰ্গা পূজাৰ সময়ত মা দূৰ্গা (মহিষাসুৰ মৰ্দিনীক) নিৰ্মাণ কৰি উলিয়াছে। ইতিপূৰ্বেও বিশাল চৌধুৰীয়ে বন্ধুবৰ্গৰ নাম পেঞ্চিলৰ ক’লা অংশত খোদিত কৰি ভাৰতৰ বিভিন্ন স্থানত পঠাইছিল। ভৱিষ্যতেও পেঞ্চিলত মূৰ্তি নিৰ্মাণ কৰি যাব বুলি বিশালে জানিবলৈ দিছে।

 

 

 

ব্লেড আৰু সৰু সুৰা সা সামগ্ৰী ব্যৱহাৰ কৰি কাঠ পেঞ্চিলৰ ক’লা অংশত বিভিন্নজন লোকৰ নাম খোদিত কৰি বিভিন্নজনক উপহাৰ হিচাপে প্ৰদান কৰিছে। শাৰদীয় দুৰ্গোসৎৱৰ সময়তো দেৱী দূৰ্গাৰ ছবি অংকন কৰি বিশাল চৌধুৰীয়ে বেচ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।বিশাল ভাৰতীয় বিমান বন্দৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ বিষয়া সুশীল লাল চৌধুৰী আৰু ভাৰতী চৌধুৰীৰ পুত্ৰ।

গুৱাহাটী সংসদীয় সমষ্টিক পোহৰাই তুলিবলৈ সাংসদ কুইন ওজাৰ উদ্যোগত এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপনৰ তৎপৰতা

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সংসদীয় সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বিদ্যুৎ যোগান কম থকা বা সঘনাই লোড শ্বেদিং হোৱা অঞ্চল সমূহক পোহৰাই তুলিবলৈ এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে।এই আঁচনি ৰূপায়ণৰ লগত জড়িত কামৰূপ জিলাৰ ডি আই এছ এইছ এ ৰ সদস্য প্ৰশান্ত মহন্তই জানিবলৈ দিয়া মতে সাংসদ কুইন ওজাই তেওঁৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ‘অটল জ্যোতি যোজনা ২০১৯-২০’ আঁচনিৰ অধীনত বিগত আগষ্ট মাহৰ পৰা সৌৰশক্তি চালিত এল.ই.ডি ষ্ট্ৰীটলাইট স্থাপনৰ কাম আৰম্ভ কৰা হৈছে।

 

 

এই লাইট সমূহত উচ্চ প্ৰযুক্তিৰ সমাহাৰ ঘটাৱা হৈছে। ই সন্ধিয়া অন্ধকাৰ হ’লেই স্বয়ংক্ৰিয় ভাবে নিজে নিজে নিজে জ্বলি উঠে। তেনেদৰে পুৱা পোহৰ হ’লেই নিজে নিজে নুমাই যাব।গুৱাহাটী সংসদীয় সমষ্টিৰ অধীনৰ দুধনৈ, বকো, ছয়গাওঁ, পলাশবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিশপুৰ, জালুকবাৰী, হাজো, আৰু বৰক্ষেত্ৰীত প্ৰতিটোতে ১০০ টাকৈ ষ্ট্ৰীটলাইট গুৰুত্বপূৰ্ণ স্থান সমূহত স্থাপন কৰি থকা হৈছে। এইক্ষেত্ৰত ধর্মানুষ্ঠান, শিক্ষানুষ্ঠান, ক্লাব, সামূহিক গৃহকে ধৰি ৰাজহুৱা স্থানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছে। ষ্ট্ৰীটলাইট সমূহ চলিত বৰ্ষৰ ভিতৰতে স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আঁচনিখন ৰূপায়িত হ’লে নিশ্চিত ভাবে গুৱাহাটী সংসদীয় সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ স্থান সমূহ নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকিব বুলি আঁচনিৰ লগত জড়িত প্ৰশান্ত মহন্তই আশা ব্যক্ত কৰিছে।

এগৰাকী যুৱতীৰ ব্যতিক্ৰমী পদক্ষেপ

মাজুলীৰ এগৰাকী যুৱতীয়ে আদৰ্শ দেখুৱাইছে।উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে মাজুলীৰ সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত বিলোৱাৰ বাবে প্ৰয়াস কৰিছে। ঘৰতে নৃত্য বিদ্যালয় স্থাপন কৰি এদল কণমানিক প্ৰশিক্ষণ প্ৰদান কৰিছে।

 

 

যুৱতীগৰাকী নাম প্ৰিয়ংকা টাকু। ঘৰ মাজুলীৰ ২নং বৰগঞাত।জানিব দিয়া মতে যুৱতীগৰাকীয়ে ৭২ গৰাকী ছাত্ৰ ছাত্ৰীক নূপুৰ নিতম বিদ্যালয়খনত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলা অধ্যয়ন কৰি প্ৰিয়ংকাই এই নৃত্য বিদ্যালয়খন স্থাপন কৰিছে।যিসময়ত একাংশই চাকৰিৰ বাবে হাবাথুৰি খাইছে,সেই সময়ত এই যুৱতীগৰাকীয়ে গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি সচেতন লোকৰ সমাদৰ বুটলিছে।

পূৰ্ণ গতিত আগবাঢ়িছে জাতীয় আদৰ্শ শিক্ষা সংসদৰ কাম কাজ

পূৰ্ণ গতিত আগবাঢ়িছে অসম সাহিত্য সভাৰ পৃষ্ঠ পোষকতাত গঠিত স্বতন্ত্ৰ ন্যাস জাতীয় আদৰ্শ শিক্ষা সংসদৰ শৈক্ষিক কামকাজ। ন্যাসৰ অধীনত ইতিমধ্যে ৫খন বিদ্যালয় স্থাপন হৈছে আৰু পৰৱৰ্তী শিক্ষাবৰ্ষত নতুনকৈ কমেও এশখন বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

 

 

 

জাতীয় শিক্ষা সংসদৰ শিক্ষক প্ৰশিক্ষণৰ হাতপুথি প্ৰস্তুতৰ শিক্ষক প্ৰশিক্ষণৰ প্ৰক্ৰিয়া আৰু অন্যান্য বিষয়সমূহ খৰচি মাৰি আলোচনা কৰাৰ বাবে সংসদৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয় অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত। বুনিয়াদী স্তৰত গুৰুত্ব দি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত জাতীয় শিক্ষা সংসদে পাঠ্যপুথি প্ৰকাশত এই গুৰুত্বপূৰ্ণ বৈঠকে অনুমোদন দিয়ে। জাতীয় আদৰ্শ শিক্ষা সংসদৰ উপাধ্যক্ষ ডাঃ জয়ন্তবিশ্ব শৰ্মা, সচিব ৰাণা বশিষ্ঠ, বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কৃতি শিক্ষক তথা সংসদৰ পাঠ্যক্ৰম সমন্বয়ক সমিতিৰ সভাপতি গৌৰীকান্ত ভূঞা, বিশিষ্ট পণ্ডিত সাহিত্যাচাৰ্য ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য, ৰিপুঞ্জয় বৰদলৈ, সুৰেন গোস্বামী, জগন্নাথ ৰাজবংশী, কমল চৌধুৰী, ড০ সঞ্জীৱ কুমাৰ শৰ্মা, যতীন্দ্ৰনাথ সূত, পংকজ কুমাৰ দত্ত, ৰমানন্দন বৰা আদিয়ে অংশ লয়।

 

 

 

সভাৰ আৰম্ভণিতে পাঠ্যক্ৰম প্ৰস্তুতি বিষয়ত সংসদৰ লক্ষ্য, উদ্দেশ্যে আৰু দৃষ্টিভংগীৰ বিষয়ে আভাস দিয়ে ডাঃ জয়ন্ত বিশ্ব শৰ্মাই। সংসদে সেৱাৰ মনোভাৱেৰে কাম কৰি থকা সুপৰিকল্পনাৰে আগবাঢ়ি গৈ কণকণ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী স্তৰৰ পৰা প্ৰকৃতাৰ্থত মানৱ সম্পদ ৰূপে গঢ়াত গুৰুত্ব দিব বুলি কয়। জাতীয় আদৰ্শ শিক্ষা সংসদৰ এই কল্যাণমুখী প্ৰকল্পই অসমৰ জাতীয় জীৱনত বহুমূলীয়া বৰঙণি আগবঢ়াব বুলি মন্তব্য দিয়ে ড০ পৰাগ কুমাৰ ভট্টাচাৰ্যই। উন্নত মানৰ পাঠ্যক্ৰমৰে অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত এইদৰে নতুনত্ব প্ৰয়াসেৰে অসম জাতীয় আদৰ্শ শিক্ষা সংসদে কৰা কাম কাজক বিভিন্নজনে শলাগিছে।