ষষ্ঠ বৰ্ষৰ বাবে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইগাৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰিলে ‘প্ৰতিদিন টাইম এছিভাৰ এৱাৰ্ড-২০১৯। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলেক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত ১৪ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় এছিভাৰ এৱাৰ্ড। বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অনুষ্ঠান মুখ্য অতিথি হিচাপে থকা অসমৰ ৰাজ্যপাল, প্ৰফেচাৰ জগদীশ মুখী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জীৱনজোৰা সাধনা বঁটাত আছে এখন মানপত্ৰ, চেলেং, এড়ি চাদৰ, ফুলাম গামোচা, এটা স্মাৰক, এখন হেমকোষ আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ চেক। বিশিষ্ট সাহিত্যিক শশী শৰ্মাক ‘সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। এই বঁটাত আছে এখন মানপাত্ৰ, চেলেং, এৰি চাদৰ, ফুলাম গামোচা, এটা স্মাৰক, এখন হেমকোষ আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ চেক। উক্ত অনুষ্ঠানতেই বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰা হয় Excellance in science & innovation, Excellence in art প্ৰদান কৰা হয় ভাস্কৰ্য শিল্পী জনক ঝংঝাৰ নাৰ্জাৰিক, ভিলেজ ৰকষ্টাৰ ভ্ৰষ্টা ৰীমা দাসলৈ আগবঢ়োৱা হয় caltural award, ভোজপুৰি কুইন খ্যাত হিচাপে কল্পনা পাটোৱাৰীক Excellence in music, Excellence in business প্ৰদান কৰা হয় ওজা গ্ৰুপক, পশ্চিম গাৰো পাহাৰৰ জিলা উপায়ুক্তক প্ৰদান কৰা হয় Excellence in public service। এনেদৰে ১৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ এছিভাৰ এৱাৰ্ড প্ৰদান কৰা হয়।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন