মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী আন্তৰ্জাতিক সংগঠন চ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা ৯ জুলাইৰ পৰা ১৩ জুলাই লৈ কলাক্ষেত্ৰ প্ৰাঙ্গণত “সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শংকৰী শৈলীত অংকন’ শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায় ।এই কৰ্মশালাত সাঁচিপতীয়া পুথি, হেঙুল -হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শংকৰী শৈলীতে পুথিচিত্ৰ অংকনৰ ওপৰতো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।উল্লেখযোগ্য যে চ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত ২০১৩ বৰ্ষৰ পৰাই প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথিচিত্ৰ চৰ্চা ক্ষেত্ৰখনত এক নতুন অধ্যায় সংযোজিত হৈছে । পাঁচদিনীয়া এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ খ্যাতিমান পুথিচিত্ৰ শিল্পী মৃদু মৌচম বৰাই ।তদুপলক্ষ্যে ১৩জুলাইত কলাক্ষেত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সামৰণি সভাত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকা, চ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ ৰ সভাপতি ড°সঞ্জীৱ কুমাৰ বৰকাকতী, সমন্বয়ক প্ৰদীপ হাজৰিকা প্ৰমুখ্যে বহু কেইগৰাকী গন্য-মান্য ব্যক্তিয়ে ভাষন ৰখি গুৰুজনাৰ অমৰ সৃষ্টি সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে। সভা খনৰ আঁত ধৰে অধ্যাপিকা মধুচন্দা চলিহাই। উক্ত সভাতেই বন্তি প্ৰজ্বলনেৰে ১৪ জুলাইৰ পৰা ১৮জুলাইলৈ উক্ত স্হানতে এক পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰো শুভাৰম্ভ কৰে অসম আৰক্ষীৰ ডি,আই,জি শ্যামল প্ৰসাদ শইকীয়াই ।আনহাতে যোৱা কালি মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সভাত উপস্থিত থাকি ভাষন ৰাখে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱা ,অধ্যাপক অতুল বৰুৱা, শিল্পী মাধৱ কৃষ্ণ দাস,জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য, ফটো সাংবাদিক চামুচুল হুদা পাটগিৰী প্ৰমুখ্যে বহু কেইগৰাকী গন্য মান্য ব্যক্তিয়ে উক্ত সভাৰ আঁত ধৰে ছ’চাইটীৰ সম্পাদক মৃদু মৌচম বৰাই।উল্লেখযোগ্য যে এই দুইকৰ্মশালাত অসমৰ বিভিন্ন অঞ্চলৰ লগতে শ্ৰীলংকাৰ প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ।উক্ত মুখা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মুখাশিল্পী দেৱকান্ত হাজৰিকা ,বিনোদ ভুঞা আৰু পাপু দাসে ।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত