দুৰ্নীতি বিৰোধী যুৱশক্তি,অসমে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম মটৰ পৰিবহন সন্থাক জনাই যে আহিবলগীয়া ১ ছেপ্টেম্বৰ পৰা বাছ সমূহ চলাচলৰ লগে লগে ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা যি কথা তেওঁলোকে ঘোষণা কৰি আহিছে এই কথা কোনো কাৰণতে অসমবাসী ৰাইজে এই ক’ভিড-১৯ পৰিস্থিতিৰ মাজত মানি ল’ব নোৱাৰে।গতিকে মটৰ পৰিবহন সন্থাই অনাগত ৬ মাহলৈকে যাতে কোনো ধৰণৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত নলয় তাৰ বাবে তেওঁলোকে আহ্বান জনায়।মনকৰিবলগীয়া যে ক’ভিড পৰিস্থিতিয়ে ৰাজ্যৰ সমগ্ৰ সাধাৰণ জনতাক জুৰুলা কৰি থৈ গৈছে।গতিকে এনে পৰিস্থিতিত কোনো কাৰণতে ৫০ শতাংশ ভাড়া বৃদ্ধি বিষয়টো গ্ৰহণযোগ্য নহয়।যদিহে মটৰ পৰিবহন সন্থাই তেওঁলোকৰ সিদ্ধান্তত অটল থাকে তেনেহলে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে বাহন সমূহ চলাচলত অনিৰ্দিষ্টকালীন ব্যাঘাত জন্মাব। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীক মটৰ পৰিবহন সন্থাৰ লগতে আলাপ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY