যিটো সময়ত ফেচবুক ,হোৱাটচ এপ দৰে সামাজিক মাধ্যম সমূহৰ অপব্যৱহাৰৰ বিষয়ে বিভিন্ন জনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে তেনে সময়তে ফেচবুকৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা সাহিত্য- সংস্কৃতিৰ বৃহত্তৰ মঞ্চ ,অসম নামৰ সামাজিক মাধ্যমৰ গ্রুপটোৱে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত কঢ়িয়াই আনিছে আশাৰ বতৰা। আজি গুৱাহাটীস্থিত বিষ্ঞু নিৰ্মলা ভৱন এই সাহিত্য- সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয়। মঞ্চৰ সভাপতি মহেশ চৌধুৰীয়ে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে বিশিষ্ট শিক্ষা বিদ তথা তেজপুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য ডঃ অমৰ জ্যোতি চৌধুৰীয়ে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘জ্যোতিপ্ৰপাত’ শীৰ্ষক মুখপত্ৰ খন উন্মোচন কৰে বিশিষ্ট কবি , সাহিত্যিক আনিছ্ উজ্ জামানে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী ৰ লগতে অভিনেতা প্ৰাঞ্জল শইকীয়া, ভাষাবিদ উদয় কুমাৰ শৰ্মা আৰু কবি হুমায়ুন কবিৰ।বিশিষ্ট কবি সমালোচক বিপুল শৰ্মাৰ সঞ্চালনাত দিনৰ ১২.৩০ বজাৰ পৰা আৰম্ভ হোৱা কবিতা পাঠ অনুষ্ঠানত প্ৰায় শতাধিক কবিৰ কবিতা পাঠৰে সামৰণি পৰে অনুষ্ঠাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে সম্পাদিকা মনিকা দাসে।

পশ্চিম গুৱাহাটীৰ কটাহবাৰীত কংগ্ৰেছ নেতা-কর্মীসহ ৫ শতাধিক সংখ্যালঘু লোক অগপত যোগদান
পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
ভিউৱাছৰ মতামত