ৰাজ্য চৰকাৰে জাৰি কৰিলে আনলক ১নিৰ্দেশনাৱলী

পঞ্চম পৰ্যায়ৰ আনলক ১ সময়সীমা বৃদ্ধি কৰা হৈছে ১জুনৰ পৰা ৩০জুনলৈ। আজিৰ পৰা আৰম্ভ হোৱা পঞ্চম পৰ্যায়ৰ আনলক ১ জাৰি কৰাৰ সমান্তৰালভাৱে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পূৰ্বৰ নিয়মসমূহত বহু শিথিলতাও প্ৰদান কৰিছে। এই আনলক একৰ কাৰণে সোমবাৰে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। আনলক ওৱানৰ নতুন নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জাৰি কৰা হ’ব সান্ধ্য আইন।

 

 

 

সান্ধ্য আইন চলি থকা এই সময়চোৱাত অত্যাৱশ্যকীয় সেৱাৰে সৈতে জড়িত হৈ থকা কৰ্মচাৰীসকলৰ বাহিৰে আন কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। উল্লেখ্য যে ৰাজ্যখনৰ কন্টেইনমেন্ট জ’ন বা বাফাৰ জ’নত থকা অঞ্চলসমূহত পূৰ্বৰ দৰেই সকলো নীতি-নিয়মৰ বাহাল ৰখা হ’ব।

 

 

৮জুনৰ পৰা ৰাজ্যখনৰ সকলোধৰণৰ ধৰ্মীয় অনুষ্ঠান সমূহ খোল খাব। কিন্তু সময়ে সময়ে প্ৰায় বিছ গৰাকীকৈ লোকৰহে উপস্থিতি বাধ্যতামুলক। ধৰ্মীয় অনুষ্ঠান সমূহৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যতে হোটেল আৰু ৰেষ্টুৰেন্টসমূহো অহা ৮ জুনৰ পৰা খুলিব পাৰিব। ৫০শতাংশ লোকৰ উপস্থিতিত সামাজিক দুৰত্ব মানি সময়ে সময়ে মানুহ উপস্থিত থাকিব পাৰিব। সমান্তৰালভাৱে আগন্তুক ৮জুনৰ পৰা খুলিব শ্বপিং মল সমূহ। সেয়েহে শ্বপিং মল সমূহতো সামাজিক দুৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজনীয়।

 

 

প্ৰাতঃভ্ৰমণ তথা সান্ধ্যভ্ৰমণৰ অৰ্থে ১জুনৰ পৰা খোলা হ’ব ৰাজ্যৰ ৰাজহুৱা স্থান বা পাৰ্কসমূহ। এইক্ষেত্ৰত সামাজিক দুৰত্ব মানি চলাটো বাঞ্ছনীয়। সামাজাক দুৰত্ব মানি চলি ১জুনৰ পৰা ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ফিল্ম বা ভিডিঅ’ শ্বুটিঙৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব। সামাজিক দূৰত্ব মানি চলি ১জুনৰ পৰা ৰাজ্যৰ চেলুন আৰু পাৰ্লাৰ সমূহ খুলিব পাৰিব। মাস্ক গ্লবছ পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।

 

 

 

 

আনহাতে সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন জাৰি কৰাৰ সময় পূৰ্বতকৈ সলনি কৰা হৈছে। পূৰ্বৰ সময়ৰ তুলনাত এইবাৰৰ সান্ধ্য আইন ১জুনৰ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব। জৰুৰী তথা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলৰ বাহিৰে আন কোনো লোক এইখিনি সময়ত বাহিৰত ওলাব নোৱাৰিব। আনলক ২ এই সময়ছোৱাত বন্ধ থাকিব ৰাজ্যৰ সকলো প্ৰান্তৰ চিনেমা হল, জীম, ছুইমিং পুল, ইন্টাৰটেইমেন্ট পাৰ্ক, থিয়েটাৰ, বাৰ, অডিটৰিয়াম আৰু এছেমব্লি হ’ল। এই সময়খিনিত অনুষ্ঠিত কৰিব নোৱাৰিব কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান তথা সভা-সমিতি।

 

 

 

সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যতে বন্ধ হৈ থাকিব সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে আন বহুতো শিক্ষানুষ্ঠান। উল্লেখ্য যে এই সময়ছোৱাত যিসকলে দুচকীয়া বাহন চলাই  দুচকীয়া বাহনৰ পিছফালে কেৱল মহিলা অথবা বাৰ বছৰৰ তলৰ শিশুৰ বাহিৰে বেলেগ কোনোধৰণৰ লোককে নিব নোৱাৰিব। এই আনলক ১ সময়ছোৱাত ৬৫ বছৰ উৰ্ধৰ ব্যক্তি, সন্তান সম্ভৱা মহিলা, ১০ বছৰ বয়সৰ তলৰ শিশুসকলে বিশেষ স্বাস্থ্যজনিত কাৰণৰ বাহিৰে ঘৰৰ পৰা ওলাব নোৱাৰিব।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।

উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।

অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।

ডিচেম্বৰৰ পৰা হ’ব ৰঞ্জি ট্রফী ক্রিকেট

মহামাৰী ক’ৰণা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা বছৰ বাতিল হোৱা ৰঞ্জি ট্রফী এইবাৰ ডিচেম্বৰ মাহৰ পৰা আয়োজনৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ শুকুৰবাৰে অনুষ্ঠিত এপেক্স কাউন্সিলৰ বৈঠকত ব’র্ডে ২০২১–২২ ঘৰুৱা ছিজনৰ ৰূপৰেখা তৈয়াৰ কৰে৷ এই অনুসৰি ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰ জৰিয়তে এইবাৰৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব৷ ইয়াৰ পিছতে ক্রমে নৱেম্বৰত বিজয় হাজাৰে এদিনীয়া ট্রফী আৰু ডিচেম্বৰৰ পৰা ২০২২ৰ মার্চলৈ ৰঞ্জি ট্রফী আয়োজনৰ চিন্তা–চর্চা কৰা হৈছে৷ যোৱাবাৰৰ দৰে এইবাৰো অনুষ্ঠিত নহ’ব দুলীপ ট্রফী, দেওধৰ ট্রফী আৰু ইৰানী কাপ৷ উল্লেখ্য যে ২০২০–২১ৰ ঘৰুৱা ছিজনতো বি চি চি আয়ে মুস্তাক আলী টি–২০ আৰু বিজয় হাজাৰে এদিনীয়া ট্রফীহে আয়োজন কৰিব পাৰিছে৷

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

গুৱাহাটীৰ এক সাংবাদিক সংগঠন সমন্বয়ৰ উদ্যোগত কাজিৰঙা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁওৰ যুৱ সাংবাদিকৰ সৌজন্যত দেওবাৰে দিনজোৰা কাৰ্যসুচীৰে কাজিৰঙাত অনুষ্ঠিত হয় সাংবাদিকৰ মুকলি বিহু৷কাজিৰঙাৰ কহঁৰাত কহঁৰা নদীৰ পাৰত পুৱাৰে পৰাই আৰম্ভ হোৱা সাংবাদিকৰ অষ্টম সংখ্যক এই মুকলি বিহুৰ বাকৰি ফিটা কাটি উন্মোচন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে৷ পতাকা উত্তোলন কৰে সমন্বয়ৰ সভাপতি দিগন্ত দাসে৷

অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথো উপস্থিত থাকে৷ পতাকা উত্তোলন কৰি দিগন্ত দাসে সকলোকে ইতিবাচক চিন্তাৰে আগবাঢ়িবলৈ আহ্বান জনায়৷বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰ সংঘৰ সম্পাদক বাবুল বৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, কাজিৰঙাৰ জ্যেষ্ঠা নাগৰিক হেম প্ৰভা শইকীয়া, লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈ, জ্যেষ্ঠ সাংবাদক মৃনাল কুমাৰ বৰা, গৌতম শৰ্মা আৰু কাজিৰঙাৰ যুৱ নেতা দেৱপ্ৰদীপ বৰাই৷

বন্তি প্ৰজ্বলনৰ পিছতেই বোকাখাতৰ বিধায়ক তথা অগপৰ সভাপতি অতুল বৰাই আনুষ্ঠানিকভাৱে সাংবাদিকৰ মুকলি বিহু উদ্বোধন কৰে৷ বিহু উন্মোচন কৰি অতুল বৰাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সুলোক ধোলোক হ’বলৈ নিদি সকলোকে সংবাদ মাধ্যমক সহায় কৰিবৰ বাবে আহ্বান জনায়৷অনুষ্ঠানতে সাংবাদিক সংগঠন আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু তেখেতৰ পৰিবাৰ চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷বোকাখাত সাপজুৰিৰ হুঁচৰি দলৰ প্ৰদৰ্শনেৰে আৰম্ভ হয় মুকলি বিহু কাৰ্যসুচী৷ বিহুগীত আৰু ঢোল বাদনেৰে অতুল বৰাই সমন্বয়ৰ উদ্যোগত কাজিৰঙাত আয়োজিত সাংবাদিকৰ অষ্টম সংখ্যক মুকলি বিহুৰ কাৰ্যসুচী শুভাৰম্ভ কৰে।

তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰা উদ্দেশ্যেৰে আজি সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত তিনিচুকীয়া জিলাৰ উপায়ুক্ত সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।বৈঠকত ক’ভিড সংক্ৰমণ আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে।জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলে ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰণ আৰু ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত জনসচেতনতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।মুখ্যমন্ত্ৰীয়ে পঞ্চায়তৰ প্ৰতিনিধি,খণ্ড উন্নয়ন বিষয়া,গাওঁবুঢ়া আৰু স্বেচ্ছাসেৱী সংগঠন সমূহক লৈ তৃণমূল পৰ্যায়ত স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত জনসচেতনতা সৃষ্টি কৰিবলৈ কয়।মুখ্যমন্ত্ৰীয়ে প্ৰয়োজন সাপেক্ষে ৰাইজ আতংকিত নোহোৱাকৈ স্বাস্থ্য বিভাগৰ নীতি- নিৰ্দেশনা সমূহ মাইক যোগে প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।তিনিচুকীয়া এক বাণিজ্যিক চহৰ বুলি উল্লেখ কৰি কয় যে এই তিনিচুকীয়ালৈ ৰাজ্যৰ বাহিৰৰ পৰা সামগ্ৰী কঢ়িয়াই অসংখ্য ট্ৰাক আহে।ট্ৰাকৰ ড্ৰাইভাৰ আৰু ইয়াৰ কৰ্মচাৰী সকলৰ ক’ভিড পৰীক্ষা কৰাৰ গুৰুত্ব আৰোপ কৰে।মুখ্যমন্ত্ৰীয়ে বজাৰ এলেকা সমূহত জন সচেতনতা সৃষ্টি কৰাৰ লগতে পৰীক্ষা কৰাৰো পদক্ষেপ ল’বলৈ কয়।বিমান যাত্ৰী আৰু ৰেল যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰাৰ বাবেও নিৰ্দেশ দিয়ে।লগতে ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জন সচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।ক’ভিড ৰোগীৰ চিকিৎসা বাবে বিচনা,অক্সিজেন চিলিণ্ডাৰ ইত্যাদি মজুত ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া অসাময়িক চিকিৎসালয়লৈ গৈ ক’ভিড সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা সমূহ মানি বিহু উদযাপন কৰিবলৈ আয়োজক আৰু শিল্পী সকলক আহ্বান জনায়।বিহু উদযাপনৰ বাবে যাতে কোনেও সংক্ৰমণৰ বলি নহয় এই দিশটো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই বৈঠকত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদ তপন গগৈ,জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক,স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ

গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ’২০২১।দুদিনীয়া কাৰ্যসূচীৰে অহা ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন শ্ব।উত্তৰ পূবৰ বাৰেৰহণীয়া হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰচাৰ কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য।

এইবাৰো অনুষ্ঠানত দেশী-বিদেশী বহুকেইগৰাকী ফেশ্বন ডিজাইনাৰে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব।এইবাৰৰ অনুষ্ঠানত ডিজাইনসহ অংশ ল’ব মনীষা ৰাজবংশী,সুস্মিতা মণ্ডল (নেপাল), পায়েল বিশ্বাস (পশ্চিম বংগ), হুয়াংপি ৰাণী গোহাঁইৰ দৰে উদীয়মান ফেশ্বন ডিজাইনাৰসকলে।
লগতে নিতু চক্ৰৱৰ্তী দাস, হৰ্ষ বি চৌধুৰী (মুম্বাই), জেনু দৌয়ুম, নাবাম য়াছিং (অৰুণাচল প্ৰদেশ), পূৰৱী বৰা, সুজাতা বড়ো, গিগি (ছিকিম), লাজু লেপচা,ৰিচা ৰাভা, নোৱেলানি মুছাহাৰী, ৰাখী সিংঘা, দেৱী দে, (পশ্চিম বংগ), কাজল কুমাৰী, চনি সাহানি চৌধুৰী, ৰাজদীপ কুণ্ডু, মনালিছা দাস, অনীশা শৰ্মা, প্ৰকৃতি ধামালা, অৰবিন টনজাম (মণিপুৰ), বন্দিতা দাস, ৰাজলক্ষ্মী পল, মেধাছঃ দ্য ফ্লেয়াৰ শ্বপ (কলকাতা), আলোকা ৰাভা, জ্যোতি বেইপি (কাৰ্বি আংলং), চাৰা মিৰাজ (দিল্লী), মুকেশ ডুবে (দিল্লী) আৰু লেকমে ফেশ্বন সপ্তাহৰ পৰা ভাৰতৰ দুজন অতি বিশিষ্ট ডিজাইনাৰেয়ো অংশ ল’ব।

উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ অধীনত ক্ৰিয়েটিভ পিপলে ২০১৫ চনৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰি আহিছে।

বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ

গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰকে নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । ১০০ বছৰৰো অধিক পূৰ্বেই তেওঁ বড়ো – অবড়োকে ধৰি সকলো জাতি – জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । গতিকে আজিৰ উঠি অহা যুৱ প্ৰজন্মই গুৰুদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হয় তাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছো । এই মন্তব্য বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কলিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ( জি কে বি টি ) উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ( আবছু ) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত প্ৰমোদ বড়োৱে কয় গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি চি এলেকাত চৰকাৰীভাবে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি চি ত চৰকাৰীভাবে পালন কৰা হব বুলি প্ৰমোদ বড়োৱে ব্যক্ত কৰে । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টি ৰ সম্পাদক ডঃ অজিত বড়োৱে আৰু পৌৰাহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্ৰহ্মই । অনুষ্ঠানত এছ বি ডি এছ ৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম , সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম , উপ সভাপতি খাউডাম বসুমতাৰী , আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম ,প্ৰাক্তন সচিব প্ৰধান লাৱাৰেন্স ইছলাৰী , গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম , সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ অনিল বড়ো , বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে বঁটাপ্ৰাপক ডঃ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱৰাত বঁটা গ্ৰহণ কৰে জি কে বি টি ৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই । এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক , এখন অংগবস্ত্ৰ , প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক । ইয়াৰ উপৰিও শিশু সাহিত্যৰ বাবে এইবেলি ” Gothosa Bisombi ” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ডঃ অজিত বড়োক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।