গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তৰ গৰভঙা অঞ্চলৰ ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজৰ বৌদ্ধিক বিকাশৰ বাবে অঞ্চলটোত এটা পুঠিভঁৰাল নিৰ্মাণ কৰিব ৰাভা হাচং স্বায়ত্ব পৰিষদে ।পৰিষদৰ উন্নয়ন পুজিৰপৰা ৬৫০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগা পুথিভঁৰালটো ৩ জানুৱাৰীত আধাৰশিলা স্থাপন হয়।আধাৰশিলা স্থাপন কৰে জয়ন্তী ৰাভাই ।স্থানীয় গাওবুঢা সোণাৰাম টুমুঙে আদৰণি কৰা অনুষ্ঠানত ৰংমন চ’চাইটিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।

গাহৰি পালকৰ সমস্যাক গুৰুত্ব দিয়ক
অসমৰ গাহৰি পালক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ অৰ্থে কালি এখনি সংবাদমেল অনুষ্ঠিত কৰে।গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলখনত উত্তৰ পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ সম্পাদকে কয় যে লকডাউনৰ বাবে গাহৰি পালক সকলে লকডাউনৰ পিছত গাহৰিৰ বাবে পয্যাপ্ত সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উপাৰ্জনহীনতাত ভূগিছে।ইয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফ্লুৱে যথেষ্ট প্ৰভাৱ পেলাইছে।সেয়েহে বিভাগীয় কৰ্তৃপক্ষক গাহৰি পালনৰ ক্ষেত্ৰত সুস্থ পৰিৱেশ গঢ়ি দিবলৈ সংবাদমেলৰ যোগে আহ্বান জনাইছে।
ভিউৱাছৰ মতামত