সম্পাদনাৰ মেজৰ পৰা

অসমীয়া নৱবৰ্ষ আৰু বিহুৰ আন্তৰিক শুভকামনা জনালো। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধিৰ বতৰা। বিহু হ’ল অসমীয়া জাতিৰ আয়ুস ৰেখা। সংস্কৃতি, পৰম্পৰা বিহুৰ জৰিয়তে প্ৰতিফলিত হয়। বিহুৰ উৎপত্তিৰ সম্পৰ্কে নানা মতবাদ পোৱা যায়। কোনোৱে ক’ব খোজে বিহু বিষু শব্দৰ পৰা সৃষ্টি হৈছে। আৰু আন কোনোৱে ক’ব খোজে বিহু ব্ৰক্ষ্মাৰ সৃষ্টি। মতবাদ যিয়েই নহওক কিয় এই কথা স্বীকাৰ কৰিব লাগিব যে একাংশ অনাখৰী লোকৰ প্ৰচেষ্টাতেহে বিহুৰ উৎপত্তি হৈছিল। সময়ৰ লগে লগে পথাৰৰ মাজৰ বিহু মঞ্চত পৰিবেশিত হয়। সলনি হ’ল বিহুৰ পূৰ্বৰ ধাৰণা, পূৰ্বৰ সুৰ। কিন্তু কৃত্ৰিমভাৱে হ’লেও মঞ্চ বিহুক পথাৰ বিহুৰ নিচিনাকৈ ৰূপ দিয়া পৰিলক্ষিত হয়। প্ৰিয় পাঠক, এন. ই ফ’কাচ ডট কমৰ পৰিয়ালে আপোনালোকৰ মৰম, সহাঁৰিত যথেষ্ট আনন্দিত হৈছে। আগন্তুক দিনটো আপোনালোকে এনেদৰে সহাঁৰি দিব বুলি আশা কৰিলো। ফেচবুকত আমাক অনুসৰণ কৰিবলৈ হ’লে official nefocus.com.বুলি search কৰিব অথবা প্ৰ’ৰ্টেলৰ জৰিয়তে সংযোজিত হ’ব পাৰে। পুনৰ বিহুৰ ওলগ যাঁচি আজিলৈ সামৰিলো।

সংগীতা শইকীয়া
সম্পাদক
এন.ই ফ’কাচ ডট কম
ই মেইল – [email protected]