কটন বিশ্ববিদ্যালয়ৰ আৱাস সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব

0 306

সমগ্ৰ বিশ্বই এতিয়া  ক’ৰণা মহামাৰীৰ বিৰূদ্ধে যুঁজি আছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশে এক জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঠিক তেনেদৰে ৰাজ্য চৰকাৰে প্ৰতিৰোধৰ বাবে দিন ৰাত একাকাৰ কৰি ৰাজ্যবাসীৰ কাৰণে কাম কৰি গৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ক’ৰণাক প্ৰতিহত কৰাৰ বাবে অহৰহ কাম কৰি গৈছে ।
 
 
কিয়নো বহিঃৰাজ্যৰ পৰা অহা প্ৰতি গৰাকী লোকৰে স্বাস্থ্য পৰীক্ষাৰ পৰা আদি কৰি  খোৱা বোৱা তথা থকা ঠাই সমূহৰ বাবে সকলোখিনি দায়িত্ব সুকলমে পালন কৰিছে। প্ৰতিদিনে নতুন উৎসাহেৰে কোৱাৰেণ্টাইন চেণ্টাৰ সমূহো পৰিদৰ্শন কৰি আহিছে মন্ত্ৰী গৰাকীয়ে। সমান্তৰালভাৱে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়া নিৰ্দেশাৱলীক একাংশ মধ্যভোগীয়ে অপব্যৱহাৰ কৰি তোলা দেখা গৈছে। কোৱাৰেণ্টাইন চেণ্টাৰত যিটো ধৰণেৰে ৰোগী সকলক ৰখাৰ নিৰ্দেশ দিছিল তাত বহুখিনি বিসংগতি দেখা পোৱা গৈছে। কিয়নো বহুঠাইৰ কোৱাৰেণ্টাইনত থকা লোকসকলে থকা খোৱাত বহুখিনি সমস্যা ভূগিব লগা হৈছে।
 
 
আনহাতে ৰাজ্যৰ একাংশ বিদ্যালয় মহাবিদ্যালয় সমূহ ৰূপান্তৰিত কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ। এইক্ষেত্ৰত বহুতৰে দ্বিমত আছে। ইতিমধ্যে আজি কটন বিশ্ববিদ্যালয়ক আৰু গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন দুখনকৈ শিক্ষানুষ্ঠানৰ আৱাস সমূহ কোৱাৰেণ্টাইন চেণ্টাৰলৈ পৰ্যবসিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জাননী পঠিওৱা হৈছে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ সমূহলৈ। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ ৰাহুল বৰদলৈৰ সৈতে আমি কথা পাতিছিলো। তেখেতে কয় যে এই সন্দৰ্ভত আজি এখন জাননী কামৰূপ জিলাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁলোকে কোনোধৰণৰ জাননী  পোৱা নাছিল। এতিয়াৰে পৰা আৱাস সমূহ কেন্দ্ৰ হিচাপে গঢি তুলিব।
 
 
আনহাতে  কালিৰ ভিতৰত খালী কৰি দিয়াৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে। ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কথা পাতি আগন্তুক দুদিনলৈ সময় বৃদ্ধি কৰা হৈছে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।
 
 
এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই বিৰোধিতা কৰা বুলিও জানিবলৈ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে। লগতে কয় যে আৱাসৰ সলনি যদি শ্ৰেণীকোঠা সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে বনালে ছাত্ৰ ছাত্ৰী সকলৰ সুবিধা হ’ল হয়। এইখিনি সময়ত এনেধৰণেৰে সকলো ছাত্ৰ ছাত্ৰীকে মাতি অনাটো বিপদজ্জনক।

Leave A Reply

Your email address will not be published.