ঢকুৱাখনাত মহকুমা কল্যান বিভাগৰ ১৮ হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ

0 469

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা কল্যাণ বিভাগৰ উদ্যোগত অন্যান্য পিছপৰা শ্ৰেণী কল্যান বিভাগৰ অৰ্থসাহায্যৰে মঙ্গলবাৰে মুঠ ১৮ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয় প্ৰাংগণত মঙ্গলবাৰে এই সন্দৰ্ভত অনুষ্ঠিত হয় সামগ্ৰী বিতৰণ অনুষ্ঠান । ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে , ঢকুৱাখনাৰ মহকুমাধিপতি গুৰনেইল সিং , সহকাৰী আয়ুক্ত তথা মহকুমা কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজাত বৰুৱা আদি উপস্থিত থকা বিতৰণ সভাত হিতাধিকাৰী সকলক চৰকাৰ প্ৰদত্ত এই কৃষি যন্ত্ৰৰ জৰিয়তে আত্মনির্ভৰশীল হৈ  উৎপাদনমুখী  কামত ব্ৰতী হোৱাৰ আহ্বান জনায় মহকুমা কল্যান বিভাগে । 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.