অসম আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন জন লোকে

0 262

ক’ৰণা ভাইৰাছ প্ৰতিৰোধী যুঁজত অসম তথা কেন্দ্ৰীয় চৰকাৰলৈ সহযোগিতা আগবঢ়াইছে ৰাজ্যৰ বিভিন্ন জনে। চৰাইদেউ জিলাৰ সোণাৰিৰ পৰাও চৰকাৰক সহযোগিতা আগবঢ়াইছে বহুজনে। আজি অসম আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়ায় সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী উৎপল গগৈ আৰু পুৰ্ণানন্দ ফুকনে। সমাজকৰ্মী দুগৰাকীয়ে সোণাৰিৰ বহু কেইটা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আজি পঞ্চাছ হাজাৰ টকা চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ প্ৰদান কৰে।
 
 
 
 
আনহাতে বৃহত্তৰ চৰাইদেউ জিলা বাছ মালিক সন্থাৰ তৰফৰপৰাও আৰ্থিক সাহাৰ্য্য জিলা উপায়ুক্তৰ জৰিয়তে আগবঢ়ায়। আনহাতে শিৱসাগৰ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন অধ্যাপক বিমলা প্ৰসাদ ফুকনে অসম আৰোগ্য নিধিৰ পুঁজিলৈ দুই লাখ টকা আৰু সাপেখাতীৰ বিশিষ্ট ব্যৱসায়ী দেবেন গগৈয়ে এক লাখ টকা আগবঢ়ায় ৷
 
এই টকাৰ চেক আনুষ্ঠানিক ভাৱে আজি সাপেখাতী ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল দাসৰ হাতত অৰ্পন কৰে। ইফালে চৰাইদেউ জিলাৰ ৰহনৰ স্বৰ্গীয় বিপিন চন্দ্ৰ গগৈ আৰু নিৰু গগৈৰ পুত্ৰ তথা বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিচি কৰ্মচাৰী সংস্থাৰ তিনিচুকীয়া মণ্ডলৰ সাধাৰণ সম্পাদক গণেশ গগৈয়ে এক মাহৰ দৰমহা প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য্য পুঁজিলৈ আগবঢ়ায় মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে।
 
উল্লেখ্য যে গণেশ গগৈয়ে বিগত বৰ্ষৰ আগষ্টত বানক্ৰান্ত লোকক সাহাৰ্য্য মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য  পুঁজিলৈ এক মাহৰ দৰমহা আগবঢ়াইছিল। ইফালে সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৫ মাৰ্চৰ পৰা হৈ থকা ল’ক ডাউনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাত যাতে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অভাৱ নহয় তাৰবাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।
 
 
 
ইতিমধ্যে ৰাইজৰ সুবিধাৰ্থে সীমিত ভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত পাইকাৰী আৰু খুচুৰা গেলামালৰ দোকান আৰু শাক-পাচলিৰ যোগান ব্যৱস্থা নিয়মীয়া ভাৱে কৰি থকা হৈছে ।লক্ষ্যনীয় ভাৱে জিলাখনৰ মৰাণ আৰু সোণাৰি পৌৰসভাৰ অন্তৰ্গত জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে চাউল, দাইল, মিঠাতেল আৰু নিমখ সাহাৰ্য্য হিচাপে বিগত দিন কেইটাত বিতৰণ কৰা হৈছে।
 
 
চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই জানিবলৈ দিয়া অনুসৰি জিলাখনৰ অতিৰিক্ত উপায়ুক্তত্ৰয় ক্ৰমে জিতু কুমাৰ দাস, দীপক কুমাৰ ভূঞাঁ, প্ৰণৱ কুমাৰ বড়া আৰু চক্ৰ বিষয়া সকলৰ তত্বাৱধানত মৰাণ নগৰত মুঠ ১১ টা ৱাৰ্ডত আৰু মৰাণ নগৰৰ চাফাই কৰ্মচাৰী সকলৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। অন্যহাতে সোণাৰি পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহৰ অনুৰূপ ধৰণে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।
 
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.