জাজৰি দলংঘাটত ৰাষ্ট্ৰীয় পোষন মাহৰ সজাগতা সভা অনুষ্ঠিত

0 242

ৰাষ্ট্ৰীয় আয়ুস অভিযান অসম মৰিগাঁও জিলা স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত আজি দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ নিকটবৰ্তী নিচানতল প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ৰাষ্ট্ৰীয় পোষন মাহৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়। ৰাজ্যজুৰি ক’ভিড-১৯ ৰ ভয়াবহতাৰ সময়ত সম্পূৰ্ণ স্বাস্থ্য বিধি তথা সামাজিক দূৰত্ব মানি দিনৰ ১১.০০ বজাৰ পৰা সজাগতা সভাখন অনুষ্ঠিত হয়।
 
 
মৰিগাঁও জিলা আয়ুসৰ নডেল বিষয়া ডা: বুৰহানউদ্দিন চৌধুৰীয়ে আঁতধৰা সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পোষন মাহৰ  স্বাস্থ্যবিধি আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: ৰুহিনী কান্ত বৰকটকীয়ে। উপস্থিত ৰাইজক পৰিপুষ্ট আৰু আমি কেনেধৰণৰ খাদ্য খোৱা উচিত এই বিষয়ত আলোচনা আগবঢ়াই দলংঘাট আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডা: দুলাল চন্দ্ৰ মেধিয়ে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পোষন মাহৰ ওপৰত বক্তব্য ৰাখে ডা: দিব্যজ্যোতি বৰদলৈ, মৰিগাঁও জিলা এন এইচ এমৰ মিডিয়া বিশেষজ্ঞা নিলাক্ষী মেধি আৰু পতঞ্জলী নগাঁও জিলাৰ সভাপতি তপন কুমাৰ দেয়ে স্বাস্থ্য ৰক্ষাত যোগৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত বক্তব্য ৰাখে। ইয়াৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ চৌহদত কেইবাটিও ফলৰ পুলি ৰোপন কৰে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.