চৰাইদেউত মন্ত্ৰী যোগেন মহনে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনি

0 234

অসম চৰকাৰৰ পৰিবহন বিভাগৰ অধীনত ৰূপায়ন হোৱা মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ লঘূু যান বাহন প্ৰদান অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ ও দুৰ্যোগ ব্যৱস্থাপনা তথা গড়কাপ্তানী (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী যোগেন মহনে।
 
 
গ্ৰামাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ এই আঁচনিৰ জৰিয়তে মুকলি কৰিব পৰা হ’ব বুলি মন্ত্ৰী যোগেন মহনে সভাত মন্তব্য কৰে।
আজিৰ এই অনুষ্ঠানত সোণাৰি বিধান সভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, জিলা পৰিবহন বিষয়া ভাস্কৰ জ্যোতি দত্ত, জনসংযোগ বিষয়া জয়ন্ত মাউতৰ লগতে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত থাকে।
 
 
উল্লেখযোগ্য যে, চৰাইদেউ জিলাত ৩২ জন হিতাধিকাৰীক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকক আজি আনুষ্ঠানিকভাৱে এই আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।আনুষ্ঠানিকভাৱে এই আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰি মন্ত্ৰী যোগেন মহনে হিতাধিকাৰী সকলক এই আঁচনিৰ সুফল লাভ কৰাৰ লগতে যাৱতীয় পৰিবহণ আইন মানি চলিবলৈ আহ্বান জনায়।
খবৰ যুগুতালে চৰাইদেউৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.