অক্টোবৰ মাহৰ মাজ ভাগৰ পৰা চ’চিয়েল মেডিয়াত Me tooৱে চৰ্চা লাভ কৰিছে।কৰ্মস্থলীত মহিলাই সন্মুখীন হোৱা শাৰিৰীক,মানসিক নিৰ্যাতনৰ গুৰিয়েই Me too আন্দোলন।মোহময়ী অভিনেত্ৰী তনুশ্ৰী দত্তই জুম টি ভিত প্ৰকাশ কৰা এটা সাক্ষাৎকাৰে সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিলে।তনুশ্ৰী দত্তৰ অভিযোগ অনুসৰি অভিনেতা নানা পাটেকাৰে শ্বুটিঙৰ সময়ত নিৰ্যাতন কৰিছিল।অৱশ্যে ইয়াৰ সম্পূৰ্ণ তথ্য আৰু প্ৰমাণ অভিনেত্ৰী গৰাকীয়ে দাঙি ধৰিছে।ইয়াৰ পিছতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এজন এজনকৈ ক্ৰমে ৪০জন ব্যক্তি Me too আওতাত আহিল ।চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনীতিবিদ, সাংবাদিকৰ নাম অভিযোগত সাঙুৰ খাই পৰিল।ইয়াৰ ভিতৰত প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাঁই,লেখক চেতন ভাগত,দ্যা ৱেৰৰ এংকৰ বিনোদ ডুৱে অন্যতম ।আনহাতে অসমতো Me too ৰ জোৱাৰ উঠিছে।উদ্যমী নিশা বৰা, সবিতা লহকৰ ফেচবুকৰ পোষ্টে চৰ্চা লাভ কৰিছে।আনহাতেNSUI ৰ ৰাষ্ট্ৰীয় সভাপতি ফিৰোজ খান এই অভিযোগত অভিযুক্ত হোৱাৰ পিছত দলৰ পৰা অপসাৰিত হৈছে ।এতিয়ালৈকে যি কেইজনলৈ অভিযোগ অনা হৈছে প্ৰশাসনে উপযুক্ত সাক্ষী আৰু প্ৰমাণৰ ভিত্তিত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।আচলতে কৰ্মস্থলীত নাৰী নিৰ্যাতন আজিৰ কথা নহয়।যুগৰ পৰিবৰ্তনৰ লগতে চৰকাৰো পৰিবৰ্তন হৈছে।চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লোগান হাতত লৈছে।Me too স্বীকাৰ পৰা বৰ্তমানে নাৰীক কিদৰে সুৰক্ষা দিব সেয়া লক্ষ্যণীয় হৈ ৰ’ব।
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ