মাছৰ ন ৰেচিপি

0 233

মাছ কিদৰে খাই বাৰু ? ভাজি নে জোল কৰি নে পুৰি ? আজি আপোনালোকলৈ মাছক অলপ বেলেগ ধৰণে খোৱাৰ বাবে প্ৰস্তুত কৰা প্ৰণালীৰ সম্পৰ্কে আগবঢ়ালো । লিখিলে সুজাতা পাঠক বৰাই । লেখাটো অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল।

Baked fish

received_1248740465193733

মই ডাঙৰ মাছ বেইক কৰিলে পিয়াজ আদা নহৰুখিনি একেলগে তেলত আধাভজা কৰি লওঁ । তাৰপিছত মাছটোত হাতেৰে ভালকৈ নিমখ সানি ভাজি লোৱা পিয়াজ আদা নহৰুৰ সংমিশ্ৰণটো মাছটোৰ বাহিৰে ভিতৰে ভালকৈ সানি মাইক্ৰোৱেভত convection mode অত ২৩০ c ৩০ মিনিটৰ বাবে দিওঁ । মাছটো চিলভাৰ ফইলেৰে মেৰিয়াই বেকিং ট্ৰে খনত দিওঁ যাতে ভালকৈ সিজে । অধিক ফ্লেভাৰৰ বাবে আদা পাত কেচা জলকীয়া আদি দিওঁ ।

পাতত দিয়া মাছ আৰু আফুগুটিৰ চাটনি

received_1248740811860365

আফুগুটিৰে বিভিন্নপ্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰিব পাৰি । তাৰে ভিতৰত অন্যতম হৈছে আফুগুটিৰ চাটনী আফুগুটিখিনি কেইঘণ্টামান তিয়াই থব । কুমলিলে নহৰু জলকীয়া আৰু নিমখ দি পেষ্ট কৰি লব । তাৰপিছত কলপাতেৰে বান্ধি লোহাৰ টাৱাত বা মাইক্ৰোৱেভত দিব । হৈ গ’লে অলপ মিঠাতেল দি সানি ল’ব । মাছ পাতত দিবলৈ মই বৰ বিশেষ একো নিদিওঁ । কলপাতত মাছখিনিৰ লগত কেই ফোটামান নহৰু আৰু কেচা জলকীয়া দি বান্ধি লোহাৰ টাৱাত বা মাইক্ৰোৱেভত দিব । কলপাতখনৰ বাহিৰতো পোৰাযেন হলে নমাই নিমখ আৰু মিঠাতেল সানি পৰিৱেশন কৰিব ।

Leave A Reply

Your email address will not be published.